সোণাৰিত জিলা পৰ্যায়ৰ খেল মহাৰণ আৰম্ভ

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 6:15 PM IST

thumbnail

চৰাইদেউ,২৬ ডিচেম্বৰ: গ্ৰাম্য অঞ্চলৰ ক্ৰীড়া প্ৰতিভাসমূহ বিচাৰি উলিওৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছে খেল মহাৰণ । ৰাজ্যৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা খেলমহাৰণ ২০২৩ ক লৈ প্ৰতিভাৱান খেলুৱৈসকলৰ মাজত দেখা গৈছে ব্যাপক উচাহ । প্ৰথম পঞ্চায়ত পৰ্যায়ত, ইয়াৰ পাছতেই সমষ্টিৰ পৰ্যায়ত অনুষ্ঠিত হোৱা পাছতেই জিলা পৰ্যায়ত অনুষ্ঠিত হৈছে খেল মহাৰণৰ কাৰ্যসূচী । সোণাৰি ৰাজহুৱা খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে চৰাইদেউ জিলা ভিত্তিক প্ৰতিযোগিতা ।  

সোণাৰি ৰাজহুৱা খেলপথাৰত মঙলবাৰৰ পৰা আৰম্ভ হোৱা চৰাইদেউ জিলা ভিত্তিক খেলমহাৰণৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৰ্জুন বঁটা বিজয়ী নয়নমণি শইকীয়া । সোণাৰিত অৰ্জুন বঁটা বিজয়ী নয়নমণি শইকীয়া উপস্থিত হোৱা পাছতেই শোভাযাত্ৰাৰে আদৰি অনা হয় । জিলা পৰ্যায়ৰ খেল মহাৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকক শুভেচ্ছাৰ জ্ঞাপন কৰে ।  

খেল মহাৰণৰ দৰে এই কাৰ্যসূচী ৰাজ্যজুৰি অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰে এটা উল্লেখনীয় কাম কৰা বুলি কয় খেলুৱৈগৰাকীয়ে । লগতে কয়, খেল মহাৰণে অসমত বহুত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাল খেলুৱৈ সৃষ্টি কৰিব । শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ, অৰ্জুন বঁটা বিজয়ী নয়নমণি শইকীয়াৰ লগতে মন্ত্ৰী যোগেন মহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ।

লগতে পঢ়ক: মৰিগাঁৱৰ তেতেলীয়াত আজিৰ পৰা আৰম্ভ তিৱা জনগোষ্ঠীৰ বৰত মহোৎসৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.