Shilpi Award 2022-23 : মৰাণৰ দিপালী শইকীয়া দত্তই লাভ কৰিছে বাৰ্ষিক শিল্পী সন্মান

By

Published : Jan 16, 2023, 9:09 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

অসম চৰকাৰৰ ২০২২-২৩ বৰ্ষৰ বাৰ্ষিক শিল্পী সন্মানৰ বাবে ১৫২ গৰাকী শিল্পী নিৰ্বাচিত কৰিছে (Shilpi Bota 2022-23) । ইয়াৰ মাজতে চৰাইদেউ জিলাৰ মৰাণৰ দিপালী শইকীয়া দত্তয়ো লাভ কৰিছে এই সন্মান । ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অসমীয়া ভাষাৰ বিষয় শিক্ষয়িত্ৰী হিচাপে ২০১৬ চনত অৱসৰ গ্ৰহণ কৰা দিপালী শইকীয়া দত্তই কামৰূপীয়া লোকগীতৰ বাবে লাভ কৰিছে উক্ত শিল্পী সন্মানটো (Dipali Saikia Dutta got Shilpi Award) ।

উল্লেখ্য যে, দিপালী শইকীয়া দত্তই বাল্যকালৰ পৰাই লোকগীতৰ চৰ্চা কৰি আহিছে । আনকি অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো অসমীয়া লোকগীত পৰিৱেশন কৰি সমাদৰ বুটলিবলৈ সক্ষম হৈছে ।

এই সন্মান লাভ কৰাত অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক ধন্যবাদ জনাইছে বিহু গীত আৰু নৃত্যৰ গৱেষক ড৹ অনিল শইকীয়াৰ সহধৰ্মিনী দিপালী শইকীয়া দত্তই । এই বাৰ্ষিক শিল্পী সন্মান লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকী ৷

সংবাদ মাধ্যমৰ আগত দিপালী শইকীয়া দত্তই কয়, ‘‘এই বঁটাৰ জৰিয়তে নতুন নতুন কাম কৰিবলৈ উৎসাহী কৰিছে চৰকাৰে’’ ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.