DUPGSU election result 2023: আছুৰ দখলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভা

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 8:38 PM IST

thumbnail

ডিব্ৰুগড়, 9 অক্টোবৰ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আছুৰ জয়যাত্ৰা ৷ আছুৰ দখলত বিশ্ববিদ্যায়খনৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা ৷ সভাপতি, সাধাৰণ সম্পাদককে ধৰি 13 চাকৈ গুৰুত্বপূৰ্ণ পদত জয়লাভ সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীৰ ৷

ৰাজ্যৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ তথা বৌদ্ধিক ক্ষেত্ৰ হিচাবে পৰিচিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সোমবাৰে অনুষ্ঠিত হৈছিল স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন। সোমবাৰে পুৱা ৮ বজাৰ পৰা সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ভোট দান প্ৰক্ৰিয়াৰে নিৰ্বাচন প্ৰক্ৰিয়া অনুষ্ঠিত হৈ যায় ৷ বিয়লি ঘোষণা কৰা হয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা ৷

উল্লেখযোগ্য যে মুঠ ১৮ টা পদৰ বিপৰীতে ৪৩জনে প্ৰাৰ্থিত্ব আগবঢ়াইছিল এইবাৰ ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ৷

আছুৰ পৰা বিজয়ীসকল হৈছে-

  • সভাপতি পদত - ৰোহিত ৰহমান  
  • উপ-সভাপতি পদত - হিমাশিষ কলিতা  
  • সাধাৰণ সম্পাদক - হিমাংশু শংকৰ গগৈ
  • সহকাৰী সাধাৰণ সম্পাদক - আশীষ গগৈ
  • সাংস্কৃতিক সম্পাদক - অন্তৰীপ গগৈ
  • সংগীত সম্পাদক - আলোক প্ৰাণ কছাৰী  
  • সাহিত্য আৰু সুকুমাৰ কলা - প্ৰিয়ংকা কলিতা
  • ফুটবল সম্পাদক - কৌশিক চেত্ৰী
  • সাধাৰণ ক্ৰিয়া সম্পাদক - পৰাগ মণি শইকীয়া  
  • আন্ত ক্ৰিয়া সম্পাদক - স্বপ্ননীল বৰুৱা  
  • সমাজ সেৱা সম্পাদক - বিমান সোণোৱাল  
  • শৰীৰ চৰ্চা সম্পাদক - মৃদুল মাচিয়া দেউৰী  
  • ছাত্ৰী জিৰণী কোঠা সম্পাদিকা - স্বাধীনতা বৰুৱা  

আনহাতে, পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰ নিবাসৰ সমৰ্থিত ৫ গৰাকী প্ৰাৰ্থী হৈছে

  • আলোচনী সম্পাদক - অৰ্চিতা গোস্বামী  
  • তৰ্ক আৰু আলোচনা সম্পাদক - বিকাশ পাঠক  
  • ছাত্ৰ জিৰণি কোঠা - বিকি দলে  
  • ভলীবল সম্পাদক - অম্লান জ্যোতি গগৈ  
  • ক্ৰিকেট সম্পাদক - পংকজ বৰুৱা 

লগতে পঢ়ক : Assembly Elections 2023: মিজোৰামকে ধৰি ৫ ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.