ETV Bharat / bharat

Assembly Elections 2023: মিজোৰামকে ধৰি ৫ ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 1:21 PM IST

Updated : Oct 9, 2023, 2:27 PM IST

মিজোৰাম, তেলেংগানা, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ ৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই নিৰ্বাচনসমূহ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

Assembly Elections 2023
মিজোৰামকে ধৰি ৫ ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা

নিউজ ডেস্ক, ৯ অক্টোবৰ: ভাৰতৰ নিৰ্বাচন আয়োগে সোমবাৰে মিজোৰামকে ধৰি ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে ৷ নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেল আয়োজন কৰি ৰাজ্যকেইখনৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে ৷ এই অনুসৰি ৭ নৱেম্বৰত মিজোৰামত আৰু ১৭ নৱেম্বৰত মধ্যপ্ৰদেশত নিৰ্বাচন অনুষ্ঠিত হ’ব । আনহাতে ছত্তীশগড়ত ৭ আৰু ১৭ নৱেম্বৰত দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । ৩০ নৱেম্বৰত তেলেংগানাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । একে সময়তে ২৩ নৱেম্বৰত ৰাজস্থানত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । ৩ ডিচেম্বৰত ৰাজ্যকেইখনৰ নিৰ্বাচনৰ ভোটগণনা হ’ব ।

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে উল্লেখ কৰা অনুসৰি পাঁচখন ৰাজ্যত মুঠ ১৬ কোটি ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে ৷ ইয়াৰে ৮.২ কোটি পুৰুষ আৰু ৭.৮ কোটি মহিলা ভোটাৰ ৷ আনহাতে ৬০.২ লাখ ভোটাৰে এইবাৰ প্ৰথমবাৰলৈ ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ পাঁচখন ৰাজ্যত ১.৭৭ লাখ ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব আৰু ইয়াৰে ১.০১ লাখ ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা থাকিব ৷ ইয়াৰ লগতে ৮ হাজাৰ ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ’ব ।

তদুপৰি ৰাজ্যকেইখনৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত নিৰ্বাচন আয়োগে সকলো ৰাজনৈতিক দল, বলবৎকাৰী সংস্থাকে ধৰি সকলো অংশীদাৰক সাক্ষাৎ কৰাৰ কথা জানিবলৈ দিয়ে মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে ৷ নিৰ্বাচন আয়োগে নিৰ্বাচনী তালিকাক অন্তৰ্ভুক্ত আৰু সকলো ভোটাৰে ভোট দিবলৈ অহাটো নিশ্চিত কৰিবলৈ "ৰোল-টু-প'ল"ৰ ওপৰতো গুৰুত্ব দিয়াৰ কথা মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেলত জানিবলৈ দিয়ে ।

লগতে পঢ়ক: CWC meet 2023 : আজি অনুষ্ঠিত হ’ব কংগ্ৰেছ ৱৰ্কিং সমিতিৰ বৈঠক

Last Updated :Oct 9, 2023, 2:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.