Depleted condition of road in Titabar: বিধ্বস্ত বাট-পথৰ প্ৰতি কাণসাৰ নাই বিধায়কৰ

By

Published : Nov 1, 2022, 6:55 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

তিতাবৰ সমষ্টিৰ বৰহোলাৰ পৰা তিতাবৰলৈকে মূল পথচোৱাৰ জৰাজীৰ্ণ অৱস্থা (Depleted condition of road in Titabar) ৷ পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত ৷ এজাক বৰষুণতে পথৰ মাজত সৃষ্টি হয় পুখুৰীৰ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ উত্তৰসুৰী হিচাপে উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ ৰাইজে বিধায়ক হিচাপে ভাস্কৰজ্যোতি বৰুৱাক নিৰ্বাচিত কৰিলে ঠিকেই (Titabar MLA Bhaskarjyoti Baruah) ৷ নিৰ্বাচিত হোৱা পিছতে বিধায়ক গৰাকীয়ে বৰহোলাবাসীক যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰাত যেন সম্পূৰ্ণ ব্যৰ্থ হৈছে ৷ বৰহোলাবাসীৰ মূল সমস্যা বাট-পথ মেৰামতি কৰাতো যেন অক্ষম বিধায়কজন (Poor condition of road in Titabar) ৷ বৰহোলা তিনি আলিৰ পৰা তিতাবৰ সংযোগী প্ৰায় 25 কিঃমিঃ দৈৰ্ঘৰ বিধস্ত পকী পথচোৱা মেৰামতিৰ কোনো গুৰুত্ব নিদিয়া বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ উক্ত পথেদি দৈনিক ছাত্ৰ-ছাত্ৰীসকল বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ, বৰহোলা মহাবিদ্যালয়লৈ যায় ৷ লগতে বৰহোলা সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ, কাৰ্যালয়লৈ, বৰহোলা, ৰজাবাৰী, নগাবাটৰ সপ্তাহিক বজাৰলৈ যাতায়ত কৰিবলগীয়া হয় লোকসকলে ৷ বিগত চৰকাৰৰ দিনতে নিৰ্মাণ কৰা পকী পথছোৱা ব্লেকটপিং চপৰা চপৰে এৰাই যোৱাত ঠায়ে ঠায়ে বৃহৎ দ গাঁতৰ সৃষ্টি হৈছে (Bad road connectivity in Titabar) ৷ এজাক বৰষুণ দিলে এই গাঁত সমূহ পুখুৰী সদৃশ হৈ পৰে ৷ পথচোৱা নিৰ্মাণৰ কাৰণে দীৰ্ঘদিনৰ পৰা স্থানীয় ৰাইজে দাবী জনাই আহিছে যদিও বিধায়কে কোনো গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ উত্থাপন হৈছে ৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.