Debabrat Saikia on Akhil Gogoi NIA case: গণতন্ত্ৰক জীয়াই ৰাখিবলৈ প্ৰতিবাদৰ অৱকাশ থাকিবই লাগিব: দেৱব্ৰত শইকীয়া

By

Published : Feb 10, 2023, 9:06 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰী: এইখন চৰকাৰৰ প্ৰৱনতাই এনেকুৱা যে যিয়েই চৰকাৰৰ কামকাজৰ বিৰোধিতা কৰিব বা চৰকাৰৰ ভুলবোৰ আঙুলিয়াই দিব তেওঁকেই মাওবাদী বা নক্সাল সজাই জে'লত সুমুৱাই থোৱা হয় ৷ এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ (Leader of the opposition Debabrat Saikia) ৷ শেহতীয়াকৈ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ বিৰুদ্ধে পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে তদন্ত আৰম্ভ কৰা সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰে বিৰোধী দলপতিগৰাকীয়ে ৷ 

তেওঁ লগতে আৰু কয় যে চৰকাৰৰ বিৰুদ্ধাচৰণ কৰিলেই মাওবাদী সজোৱাৰ যি পৰম্পৰা সেই পৰম্পৰাৰ বলি হৈছে অখিল গগৈ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে (Krishak Mukti Sangram Samiti) ধৰি দুই এটা সংগঠন ৷ কৰ্ণাটক বাা কেৰালাত যেনেদৰে চৰকাৰৰ বিৰুদ্ধে কথা কোৱা সাংবাদিকক নিৰ্যাতন চলোৱা হয় ঠিক একেদৰে অসমতো এইদৰে অখিল গগৈ বা বিভিন্ন সংগঠনৰ বিৰুদ্ধে এই অভিযান চলোৱা হয় ৷ 

এইখন চৰকাৰৰ এয়াই ষড়যন্ত্ৰ যে কোনোবাই যদি ৰাইজৰ স্বাৰ্থত চৰকাৰৰ বেয়া কামবিলাকৰ বিৰুদ্ধে মাত মাতে তেন্তে তেওঁক জে'লত সুমুৱাই থব লাগে ৷ শইকীয়াই কয় - " প্ৰথম কথাটো চাব লাগিব যে কোনটো সময়ত অখিল গগৈৰ বিৰুদ্ধে এই গোচৰ ৰুজু হৈছিল ৷ বিজেপি চৰকাৰে অসম চুক্তি আখৰে আখৰে পালন কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিচত যেতিয়া ওলোটা খৰ মাৰি ২০১৪ চনলৈ অহা সকলো বিদেশীকে নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত ল'লে তেতিয়াই অসমৰ ৰাইজে ইয়াৰ প্ৰতিবাদ কৰিলে ৷ 

তাৰ ফলশ্ৰুতিত কেৱল অখিল গগৈয়েই নহয় সমগ্ৰ অসমৰ ৰাইজৰ লগতে কংগ্ৰেছ দল আৰু বিভিন্ন দল-সংগঠনে আন্দোলন (Mass movement against CAA) ৷ গতিকে সেইখিনি সময়ত হোৱা এই ঘটনাটো এতিয়া ৰাষ্ট্ৰদোহ বুলি কোৱাটো কিমান সমীচীন ? মই ভাবো এই গোচৰটো হয়তো উচ্চতম ন্যায়ালয়লৈ যাব ৷ টায়াৰ জ্বলাই প্ৰতিবাদ কৰিলেই ৰাষ্ট্ৰদোহ হ'ব নোৱাৰে ৷ " বিৰোধী দলপতিগৰাকীয়ে লগতে আৰু কয় যে এইদৰেই যদি কামবোৰ কৰি যোৱা হয় তেন্তে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা সমগ্ৰ প্ৰক্ৰিয়াটোৰ ওপৰতে প্ৰশ্ন তোলা হ'ব ৷ 

গণতন্ত্ৰক জীয়াই ৰাখিবলৈ হ'লে প্ৰতিবাদৰ বিভিন্ন অৱকাশ থাকিবই লাগিব বুলিও মন্তব্য কৰে বিৰোধী দলপতিগৰাকীয়ে ৷ যি সময়ৰ আন্দোলনৰ কথা কোৱা হৈছে সেই সময়ত অসমত চৰকাৰীভাৱে নিৰ্যাতন চলোৱা হৈছিল ৷ পাঁচজনকৈ যুৱকক হত্যা কৰা হৈছিল ৷ কিন্তু ইয়াৰ বিপৰীতে আন্দোলনকাৰীৰ পক্ষৰ পৰা তেনে কোনো ঘটনা হোৱা নাছিল বুলিও স্পষ্ট কৰি দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

লগতে পঢ়ক: BTC Accord Day: প্ৰমোদ বড়ো বেপাৰী: হাগ্ৰামা মহিলাৰী

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.