Ended MV Ganga Vilas river journey : ডিব্ৰুগড়ত অন্ত পৰিল এম ভি গংগা বিলাসৰ নৌকা বিহাৰ

By

Published : Feb 28, 2023, 9:13 PM IST

thumbnail

ডিব্ৰুগড়, ২৮ ফেব্ৰুৱাৰী : ডিব্ৰুগড়ত উপস্থিত এম ভি গংগা বিলাস (World’s longest cruise MV Ganga Vilas in Dibrugarh) । চলিত বৰ্ষৰ ১৩ জানুৱাৰীত বাৰাণসীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰা দেশৰ সকলোতকৈ বৃহৎ আৰু ব্যয়বহুল নদীৰ ক্ৰুজ এম ভি গংগা বিলাস আজি অৰ্থাৎ মঙলবাৰে দিনৰ প্ৰায় ২:৩০ বজাত ডিব্ৰুগড়ত উপস্থিত হয় (MV Ganga Vilas in Dibrugarh)।

পাটনা চাহিব, বুদ্ধগয়াৰ, বিক্ৰমশীলা, বাংলাদেশ, ধুবুৰী, সুন্দৰবন, কাজিৰঙা হৈ ৩,২০০ কিলোমিটাৰ অতিক্ৰম কৰি মুঠ ৫০ দিনৰ অন্তত আজি সুকলমে ডিব্ৰুগড়ত উপস্থিত হয় গংগা বিলাস (Culminate MV Ganga Vilas river journey)। ২৮ জন বিদেশী পৰ্যটক আছিল এই ক্ৰুজখনত ।

আজি ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পিচতেই ভাৰত চৰকাৰৰ জলপথ অথৰিটী অৱ ইণ্ডিয়াৰ উদ্যোগত আদৰণি অনুষ্ঠান সম্পন্ন কৰা হয় । এই অনুষ্ঠানত ভাৰত চৰকাৰৰ জাহাজ, বন্দৰ, জলপথ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী, পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লৱ বৰুৱা, সাংসদ তাপিৰ গাঁও আদিকে ধৰি ভাৰত চৰকাৰৰ বহু উচ্চ পদস্থ বিষয়া আৰু অসম চৰকাৰৰ বিষয়া সকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : MV Ganga Vilas in Lakhimpur: লখিমপুৰত উপস্থিত বিলাসী জাহাজ এম ভি গংগা বিলাস

অসমত বিশ্বৰ দীৰ্ঘতম নদী প্ৰমোদতৰী এম ভি গংগা বিলাস জাহাজৰ আগমনৰ জৰিয়তে উত্তৰ-পূৱ ভাৰতৰ অভ্যন্তৰীণ জল পৰিবহণ খণ্ডত এক নতুন দিগন্তৰ সূচনা (MV Ganga Vilas river journey) কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে । আজি বিদেশী পৰ্যটকসকলে ডিব্ৰুগড়ত বগীবলত উপস্থিত হৈ দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে ভাৰত চৰকাৰৰ জাহাজ, বন্দৰ, জলপথ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে ।

লগতে বিগত ৫০ টা দিনে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি সুখী অনুভৱ কৰাৰ লগতে নিজকে সুভাগ্যবান বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে পৰ্যটকসকলে ।

লগতে পঢ়ক : MV Ganga Vilas in Bishwanath: বিশ্বনাথ ঘাটত কঁকাল ভাঙি নাচিলে বিদেশী পৰ্যটকে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.