ETV Bharat / state

MV Ganga Vilas in Lakhimpur: লখিমপুৰত উপস্থিত বিলাসী জাহাজ এম ভি গংগা বিলাস

author img

By

Published : Feb 26, 2023, 9:47 PM IST

MV Ganga Vilas in Lakhimpur
লখিমপুৰ আহি পালে এম ভি গংগা বিলাস

দীৰ্ঘত্বম ৰিভাৰ ক্ৰুইজ এম ভি গংগা বিলাস আহি দেওবাৰে লখিমপুৰ জিলাত উপস্থিত হয় (MV Ganga Vilas arrived in Lakhimpur) । জিলাখনৰ কেৰকেৰ ঘাটত জিলা প্ৰশাসনে আটক ধুনীয়াকৈ পৰ্যটকসকলক সাদৰ সম্ভাষণৰ ব্যৱস্থা কৰে । পৰ্যটকসকলে অসমৰ পৰম্পৰাগত সাজসজ্জা, খাদ্য সম্ভাৰৰ জুটি লৈ অভিভূত হৈ পৰে ।

অসমৰ প্ৰেমত বিদেশী পৰ্যটক

লখিমপুৰ, ২৬ ফেব্ৰুৱাৰী : অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ কেৰকেৰ ঘাটত উপস্থিত বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুইজ এম ভি গংগা বিলাস (MV Ganga Vilas arrived in Lakhimpur) । ২৮ বিদেশী পৰ্যটকক উষ্ম আদৰণি লখিমপুৰ জিলা প্ৰশাসনৰ । বিশ্বৰ সবাটোকৈ দীৰ্ঘতম ৰিভাৰ ক্ৰজ ‘‘এম ভি গংগা বিলাস’’ দেওবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ কেৰকেৰ ঘাট পাইহি ৷

জাহাজখনত যাত্ৰা কৰা মুঠ ২৮ গৰাকী বিদেশী পৰ্যটকক এম ভি লোহিত নামৰ আন এখন সৰু জাহাজেৰে জাহাজঘাটলৈ অনা হয় । তাতে তেওঁলোকক লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সত্তৱান প্ৰমুখ্যে লোকসকলে আদৰণি জনায় ৷ দেওবাৰে অসমৰ লগতে লখিমপুৰৰ জিলাৰ পৰ্যটন উদ্যোগ, বিশেষকৈ নদী পৰ্যটনৰ বাবে এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈছে ।

MV Ganga Vilas in Lakhimapur
লখিমপুৰ আহি পালে এম ভি গংগা বিলাস

দেওবাৰৰ দিনটোত জিলাখনৰ পৰ্যটন উদ্যোগক আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰত তুলি ধৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনৰ উদ্যোগত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হয় ৷ যাৰ জৰিয়তে ৰিভাৰ ক্ৰুইজৰ যোগেদি লখিমপুৰত উপস্থিত হোৱা ২৮ জন বিদেশী পৰ্যটকে অসমৰ সাংস্কৃতিক আৰু সামাজিক জীৱন প্ৰত্যক্ষ কৰাৰ সুবিধা লাভ কৰে (River tourism in Assam)।

উল্লেখযোগ্য যে, অসমৰ নদী পৰ্যটনৰ ক্ষেত্ৰত লখিমপুৰ জিলায়ো বিশেষ সম্ভাৱনা বহন কৰিছে । ব্ৰহ্মপুত্ৰ নদীয়ে যেনেকৈ অসমৰ বিভিন্ন পৰ্যটনস্থলী, যেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মাজুলী, কামাখ্যা মন্দিৰ আদিক সংযোগ কৰিছে ৷ ঠিক তেনেকৈ সেই একেখন নদী আৰু তাৰ উপনদী কেইখনে লখিমপুৰ জিলাৰ বিভিন্ন স্থানত মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য উপহাৰ দিছে ।

নৈসৰ্গিক শোভাসমৃদ্ধ এই স্থানসমূহে জিলাখনৰ পৰ্যটন উদ্যোগক বিশেষ মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে । ইফালে পৰ্যটকসকলে জিলা প্ৰশাসনৰ উদ্যোগত কেৰকেৰ জাহাজঘাটতে স্থাপন কৰা অস্থায়ী মণ্ডপত নাৰায়ণপুৰৰ সত্ৰীয়া ৰংগালয়ৰ শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শিত গায়ন-বায়ন, বৰবিল গাঁৱৰ মিছিং গুমৰাগ নৃত্য, বিহু নৃত্য আদি উপভোগ কৰে ৷

MV Ganga Vilas in Lakhimapur
অসমত উপস্থিত আপ্লুট বিদেশী পৰ্যটক

তদুপৰি বিভিন্ন আত্মসহায়ক গোটে প্ৰস্তুত কৰা সামগ্ৰীৰ প্ৰদৰ্শনী আৰু নাবাৰ্ডৰ দ্বাৰা জিলা প্ৰশাসনৰ উদ্যোগত ‘‘আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ’’ উপলক্ষে আয়োজন মিলেট ধানৰ প্ৰদৰ্শনী আৰু স্থানীয়ভাৱে প্ৰস্তুত কৰা মৌ তথা মৌ পালন প্ৰক্ৰিয়া, পৰ আপং, গাহৰিৰ শুকান মাংস, ব্লেক ৰাইচ আদিৰ প্ৰদৰ্শনী চাই বিদেশী পৰ্যটকসকল আপ্লুত হয় ৷ তেওঁলোকক জিলা প্ৰশাসনৰ তৰফৰ পৰা অসমীয়া সংস্কৃতিক প্ৰতিফলিত কৰা বিশেষ খাদ্য সম্ভাৰ আৰু পিঠা-পনাৰে আপ্যায়ন কৰা হয় ৷

ইয়াৰ পিচতে তেওঁলোকে কেৰকেৰ মিছিং গাঁও পৰিদৰ্শন কৰে আৰু চাংঘৰত পৰম্পৰাগত মিছিং খাদ্যৰ সোৱাদ লয় । উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যোৱা ১৩ জানুৱাৰীত যাত্ৰা আৰম্ভ কৰা জাহাজখনে ৩,২০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি আগন্তুক ১ মাৰ্চত ডিব্ৰুগড়ত উপস্থিত হ’বগৈ ৷

লগতে পঢ়ক : MV Ganga Vilas in Bishwanath: বিশ্বনাথ ঘাটত কঁকাল ভাঙি নাচিলে বিদেশী পৰ্যটকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.