MV Ganga Vilas in Bishwanath: বিশ্বনাথ ঘাটত কঁকাল ভাঙি নাচিলে বিদেশী পৰ্যটকে

By

Published : Feb 25, 2023, 7:14 PM IST

thumbnail

বিশ্বনাথ, 25 ফেব্ৰুৱাৰী : শনিবাৰে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হ’ল গুপ্তকাশী বিশ্বনাথ ঘাটত (MV Ganga Vilas arrived at Bishwanath Ghat) ৷ কিয়নো 13 জানুৱাৰীৰ দিনা উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল এম ভি গংগা বিলাসে (MV Ganga Vilas Cruise) ৷ 13 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই নৌকা যাত্ৰা শনিবাৰে উপস্থিত হয় বিশ্বনাথ ঘাটত ৷

বিশ্বনাথ ঘাটত উপস্থিত হৈয়ে আনন্দত মতলীয়া হৈ পৰিল কেবাজনো বিদেশী পৰ্যটক ৷ ৰিভাৰ ক্ৰুজ গংগা বিলাসৰ 28 টা বিলাস বহুল কোঠালীত 27 জন ছুইজাৰলেণ্ড আৰু জাৰ্মানীৰ এজন পৰ্যটকে বিশ্বনাথত উপস্থিত হৈয়ে পৰিদৰ্শন কৰিলে গুপ্তকাশী বিশ্বনাথ ঘাটৰ ঐতিহাসিক মঠ মন্দিৰসমূহ । এই পৰ্যটকৰ দলটোক বিশ্বনাথ মহকুমা প্ৰশাসনৰ লগতে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰেও গুপ্তকাশী বিশ্বনাথ ঘাটত উষ্ণ আদৰণি জনায় (MV Ganga Vilas in Bishwanath)।

বিশ্বনাথ মহকুমা প্ৰশাসনে আয়োজন কৰা বিভিন্ন অসমীয়া সাজপাৰ তথা বিহু নৃত্য প্ৰদৰ্শনীত অংশ লৈ আপ্লুত হৈ পৰিল পৰ্যটকসকলো । আনকি কঁকাল ঘূৰাই নাচিলে বহু বিদেশী পৰ্যটকে ৷ পৰ্যটকসকলে সাংবাদ মাধ্যমৰ আগত তেওঁলোকৰ মনৰ আত্মপ্ৰকাশৰ কথা সদৰী কৰে ৷

এই বিদেশী পৰ্যটকসকলেও অসমলৈ আহি যথেষ্ট সুখী অনুভৱ কৰিছে বুলি মত প্ৰকাশ কৰে ৷ কিয়নো অসমৰ লোক-সংস্কৃতি তথা অসমীয়া লোকৰ জীৱন-যাপনৰ পদ্ধতি তেওঁলোকক বাৰুকৈয়ে আকৰ্ষিত কৰিছে বুলি পৰ্যটকসকলে উল্লেখ কৰে ৷ সংবাদ মাধ্যমৰ আগত এগৰাকী বিদেশী পৰ্যটকে কয়, ‘‘মই চাহ খাই ভালপাওঁ ৷ আমি অসম চাহ খাইছো ৷ বহুত ভাল লাগিছে ৷ ইতিমধ্যে মই ঘৰলৈ নিজৰ লগত নিবৰ বাবে অসমৰ চাহপাত ক্ৰয় কৰিছো’’ ৷

উল্লেখ্য যে, ভাৰতৰ উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা বাংলাদেশ হৈ অসমৰ ডিব্ৰুগড় লৈ মুঠ 3 হাজাৰ 200 কিলোমিটাৰ জলপথ অতিক্ৰম কৰিব River cruise গংগা বিলাসে । এমভি গংগা বিলাস দৈৰ্ঘ 62 মিটাৰ, প্ৰস্থ  12 মিটাৰ । ইয়াৰে 28 টা বিলাসবহুল কোঠালীত আছে ছুইজাৰলেণ্ড আৰু জার্মানীৰ বহু পৰ্যটক ।

জানিব পৰা মতে, শনিবাৰে বিশ্বনাথ ঘাটত উপস্থিত হৈয়ে পুনে পুনে ডিব্ৰুগড়লৈ ৰাওনা হৈছে ৰিভাৰ ক্ৰুজ গংগা বিলাসত অহা বিদেশী পৰ্যটকৰ দলটো ৷

লগতে পঢ়ক : MV Ganga Vilas Cruise: শিলঘাটত উপস্থিত নদী ক্ৰুজ এম ভি গংগা বিলাস

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.