নলবাৰী ৰাসত ভ্ৰাম্যমান থিয়েটাৰৰ নাটযুদ্ধ

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 5:21 PM IST

thumbnail

নলবাৰী, ৭ ডিচেম্বৰ : নলবাৰী ৰাস মহোৎসৱত ভ্ৰাম্যমান থিয়েটাৰৰ অঘোষিত নাট্যযুদ্ধ । হেঙুলত চকু, সূৰ্যত মোৰ কেঁচুৱাই কান্দিছে ৷ ইফালে ৰাজমুকুটৰ ব্ৰহ্মচাৰী, ৰুদ্ৰাক্ষত মাজৰাতিৰ মমতাজ, ৰাজতিলকত অৰ্ধনাৰী । নলবাৰী ৰাস মহোৎসৱ উপলক্ষে চলিছে একেলগে তেৰখনকৈ ভ্ৰাম্যমান থিয়েটাৰৰ নাটযুদ্ধ ।

উল্লেখযোগ্য যে, ৯০ সংখ্যক নলবাৰী ৰাস মহোৎসৱ ২৬ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে । ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ৰাজ্যৰ আগশাৰীৰ ১৩ টাকৈ নাট্যদলে কৰিছে নাট মঞ্চস্থ । হেঙুল, বৃন্দাবন, বৰদৈচিলা, ৰুদ্ৰাক্ষ, ৰাজতিলক, ইতিহাস, ৰাজমুকুট, কহিনুৰ, বৃন্দাবন, বৰদৈচিলা, অভিনন্দন, সূৰ্যকে ধৰি তেৰটাকৈ নাট্যদলৰ মাজত একপ্ৰকাৰ অঘোষিত নাট প্ৰতিযোগিতা আৰম্ভ হৈছে ।

ইয়াৰ মাজতে থিয়েটাৰ সূৰ্যত মোৰ কেঁচুৱাই কান্দিছে নাটৰ অভিলেখ সংখ্যক টিকট বিক্ৰী হৈছে এইবেলি নলবাৰীৰ ৰাসত । মৃদুল ভূঞা অভিনীত উক্ত নাট্যদলটিৰ লগতে অন্য দলসমূহৰো নাট চাবলৈ হেতা ওপৰা হাজাৰ হাজাৰ দৰ্শকৰ । ইফালে বৃহস্পতিবাৰে সামৰণি পৰিব ৯০ সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ ।

লগতে পঢ়ক : ধেমাজিৰ বগেন গগৈলৈ সাহিত্যিক পেঞ্চন বঁটা; উৎফুল্লিত সাহিত্যপ্ৰেমী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.