Drunken SI creates ruckus at shop: সুৰাপায়ী দাৰোগাৰ দাদাগিৰি; সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 12:54 PM IST

thumbnail

নেশ্যনেল ডেস্ক, ৫ ছেপ্টেম্বৰ: উত্তৰ প্ৰদেশৰ কানপুৰৰ কল্যাণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত এজন সুৰাপায়ী দাৰোগাৰ ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত দেখা গৈছে আৰক্ষী বিষয়াগৰাকীয়ে সুৰামত্ত অৱস্থাত এগৰাকী মহিলা ব্যৱসায়ীক গালি-গালাজ কৰি আছে । 

সেই সময়ত এজন পথচাৰীয়ে ভিডিঅ’টো প্ৰস্তুত কৰিছে আৰু ইয়াক সামাজিক মাধ্যমত ভাইৰেল কৰিছে । তথ্য পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে দাৰোগাজনক জিম্মাত লয় আৰু স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

কল্যাণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নয়া শিৱলী ৰোডত এই ঘটনা সংঘটিত হৈছিল । সুৰাপায়ী দাৰোগাজনে মহিলা ব্যৱসায়ীগৰাকীক বিনামূলীয়াকৈ চিগাৰেট বিচাৰিছিল । যেতিয়া মহিলাগৰাকীয়ে দিবলৈ অমান্তি হৈছিল তেতিয়া দাৰোগাজনে তেওঁক গালি-গালাজ কৰে ।

সূত্ৰৰ মতে ভাইৰেল ভিডিঅ'টোত দেখা দাৰোগাজন পুন্দ্ৰিক ত্ৰিপাঠী । তেওঁক বাহৰাইচ পুলিচ লাইনত নিযুক্তি দিয়া হৈছিল । ২৯ আগষ্টত তেওঁ কল্যাণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মহাবলিপুৰমত থকা তেওঁৰ ঘৰলৈ আহিছিল । কল্যাণপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধনঞ্জয় পাণ্ডেয়ে এই সন্দৰ্ভত কয় যে মহিলাগৰাকীয়ে দাৰোগাজনৰ বিৰুদ্ধে এটা অভিযোগ দাখিল কৰিছে ।

লগতে পঢ়ক :Gauri Lankesh murder: ক্ষীপ্ৰ তদন্তৰ দাবীৰে গৌৰী লংকেশৰ ঘনিষ্ঠই কাষ চাপিব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী চিদ্দাৰমাইয়াৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.