Robbery incident: নাৰেংগীত দিন ডকাইতি; পালচাৰ বাইকত অহা দুজনীয়া দুৰ্বৃত্তই কাঢ়ি নিলে টকা ভৰ্তি বেগ

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 4:06 PM IST

Updated : Sep 22, 2023, 3:03 PM IST

thumbnail

গুৱাহাটী, 21 ছেপ্টেম্বৰ: গুৱাহাটী মহানগৰীৰ নাৰেংগী তিনিআলিত পুনৰ চাঞ্চল্যকৰ দিন ডকাইতিৰ ঘটনা সংঘটিত হৈছে । নাৰেংগী তিনিআলিস্থিত Union Bank of Indiaত বৃহস্পতিবাৰে দুপৰীয়া এগৰাকী মহিলাই প্ৰায় 3.5 লাখ টকা উলিয়াই পাৰ্কিং কৰি ৰখা গাড়ীৰ ওচৰলৈ খোজকাঢ়ি গৈ থকাৰ সময়তে তেওঁৰ হাতৰ পৰা দুখন 20 টকীয়া নোট পৰি যোৱাত তেওঁ তুলিবলৈ লয় ৷ সেই সময়তে ক’লা ৰঙৰ পালচাৰত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে মহিলাগৰাকীৰ পৰা টকা ভৰ্তি বেগটো কাঢ়ি লৈ পাথৰকোৱেৰী অভিমুখে তীব্ৰ বেগেৰে পলায়ন কৰে ৷ 

পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে নুনমাটি থানাত খবৰ দিয়াত ঘটনাস্থলীত মধ্য আৰক্ষী জিলাৰ DCP অমিতাভ বসুমতাৰীৰ নেতৃত্বত এটা আৰক্ষীৰ দল উপস্থিত হয় ৷ ইতিমধ্যে তদন্তকাৰী আৰক্ষীৰ দলটোৱে বেংকৰ CCTV ফুটেজ পৰীক্ষা কৰি ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: Chain snatchers: মহিলাৰ ডিঙিৰ চেইন থপিয়াওঁতেই ৰাইজৰ ৰোষত পৰিল চিলনী চোৰ

Last Updated : Sep 22, 2023, 3:03 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.