Cyber Crime in Guwahati : ধলাই থানাৰ পৰা আৰক্ষীৰ অপৰাধ শাখাই জব্দ কৰিলে ইন'ভা

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 8:05 PM IST

thumbnail

গুৱাহাটী, ১১ অক্টোবৰ : প্ৰৱঞ্চনাৰ জাল পেলোৱা চাইবাৰ অপৰাধীক বিচাৰি অপৰাধ শাখাই অভিযান অব্যাহত ৰাখিছে ৷ গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ অবৈধ কল চেন্টাৰত অপৰাধ শাখাই চলোৱা অভিযানত আন্তর্জাতিক চাইবাৰ অপৰাধৰ ন-ন চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ৷ চাইবাৰ অপৰাধী চক্ৰই ৰাজ্যৰ একাংশ হাইপ্ৰফাইল ব্যক্তিক নিজৰ হাতৰ মুঠিত ৰাখি গুৱাহাটীৰ পৰাই আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ নেটৱৰ্ক চম্ভালিছিল ৷

এনে অপৰাধৰ নেটৱৰ্ক সুৰক্ষিত কৰাৰ বাবে এই চক্ৰটোৱে একাংশ আৰক্ষী বিষয়াক হাতৰ মুঠিত ৰাখিছিল ৷ সেইসকল বিষয়াক উপহাৰ হিচাবে দিছিল মূল্যৱান সামগ্ৰী, গাড়ী আদি ৷ শেহতীয়াকৈ কাছাৰ জিলাৰ ধলাই থানাৰ পৰা মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই জব্দ কৰিছে এখন ইন'ভা ৷ এই ইন'ভাখন চাইবাৰ অপৰাধী চক্রই এজন আৰক্ষী বিষয়াক উপহাৰ হিচাবে আগবঢ়াইছিল ৷ ধলাই থানাৰ পৰা ইন’ভাখন জব্দ কৰিছে অপৰাধ শাখাই ৷ গুৱাহাটীৰ অবৈধ কল চেণ্টাৰ উৎখাত গোচৰত অপৰাধ শাখাই ধলাই থানাত লুকুৱাই থোৱা ইন'ভা জব্দ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

এই সন্দৰ্ভত ধলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাক শেহতীয়া দুটা দিন অপৰাধ শাখাই গুৱাহাটীত জেৰা অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ এটা সূত্ৰই জানিবলৈ দিয়া মতে, ইন'ভাখন ধলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক চাইবাৰ অপৰাধীয়ে চক্ৰই উপহাৰ দিছিল ৷ আন এটা সূত্ৰৰ মতে আকৌ বৰাকৰ এজন উচ্চপদস্থ আৰক্ষী বিষয়াইহে চাইবাৰ অপৰাধী চক্ৰৰ পৰা ইন'ভাখন উপহাৰ হিচাবে লৈছিল ৷

শেহতীয়াকৈ মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই চাইবাৰ অপৰাধী চক্র তথা অবৈধ কল চেণ্টাৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰোতে আৰক্ষী বিষয়াজনে ইন'ভাখন ধলাই থানাত লুকুৱাই থৈছিল ৷ অবৈধ কল চেণ্টাৰ চক্ৰৰ অন্যতম অভিযুক্ত ডেভিদ হ'ল বৰাকৰ ৷ কিন্তু ইন'ভাখন ডেভিদে উপহাৰ হিচাবে দিছিল নে আন কোনোবাই আৰক্ষীলৈ আগবঢ়াইছিল সেয়া স্পষ্ট হোৱা নাই ৷ আনহাতে এতিয়াও পলাতক আন্তর্জাতিক চাইবাৰ অপৰাধৰ মাষ্টাৰ মাইণ্ড অভিযুক্ত তছদিকুৰ ৰহমান ৷ 

লগতে পঢ়ক : Computer teachers protest: কম্পিউটাৰ শিক্ষকৰ প্ৰতিবাদত উত্তাল চচল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.