Computer teachers protest: কম্পিউটাৰ শিক্ষকৰ প্ৰতিবাদত উত্তাল চচল

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 4:23 PM IST

thumbnail

গুৱাহাটী,১১ অক্টোবৰ: চাকৰি নিয়মীয়াকৰণৰ দাবীত তৃতীয় দিনাও চচলত কম্পিউটাৰ শিক্ষকসকলে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী । ডিজিটেল ইণ্ডিয়াৰ শ্ল'গান দিয়া শাসনাধিষ্ট চৰকাৰখনৰ দিনত প্ৰাপ্য অধিকাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে কম্পিউটাৰ শিক্ষকসকলে । যোৱা তিনিদিন ধৰি চচলত চাকৰি নিয়মীয়া কৰাৰ দাবীত কম্পিউটাৰ শিক্ষকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ পিছতো তেওঁলোকৰ সমস্যাৰ বুজ লবলৈ আহৰি নাই চৰকাৰ তথা প্ৰশাসনৰ ।  

অসম চৰকাৰৰ অধীনত নিযুক্তিপ্ৰাপ্ত ICT Instructor সকলে সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদী শিক্ষকসকলে তেওঁলোকৰ চাকৰি সমূহ শীঘ্ৰে নিয়মীয়াকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনায় । উল্লেখ্য যে, ২০০৪ চনৰ 'ৰাজীৱ গান্ধী কম্পিউটাৰ সাক্ষৰতা অভিযান' আঁচনিৰ অধীনত ৰাজ্যত ১৩৪৬ জন কম্পিউটাৰ শিক্ষকক নিযুক্তি দিয়া হৈছিল । ২০১৭ চনত বিধানসভাত এইসকল শিক্ষকৰ চাকৰি নিয়মীয়া কৰা হ'ব বুলি কেবিনেটত সিদ্ধান্ত লোৱাৰ পিছতো আজিলৈ কিন্তু চাকৰি নিয়মীয়া নকৰাত ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদী শিক্ষকসকলে ।

লগতে পঢ়ক: Dhemaji news:শিক্ষামন্ত্ৰীৰ সমষ্টিত শিক্ষাখণ্ডত শিক্ষকবিহীনভাৱে চলি আছে এখন বিদ্যালয়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.