Cow poachers detained:গো-মাংসকে হৰিণাৰ মাংস বুলি বিক্ৰী অসাধু চক্ৰৰ

By

Published : Jun 12, 2023, 8:08 AM IST

thumbnail

কোকৰাঝাৰ, ১2 জুন : কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ সৰলপাৰাত গো-হত্যা কৰি হৰিণাৰ মাংস বুলি বিক্ৰী কৰা চাৰি যুৱকক স্থানীয় ৰাইজে হাতে লোটে কৰায়ত্ব কৰি উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে । গৰু হত্যা কৰি হৰিণাৰ মাংস বুলি বিক্ৰী কৰা যুৱক চাৰিজন হ'ল ক্ৰমে খালুমান তামাং (৪৮), খেমৰাজ ছেত্ৰী (১৮), ভীম তামাং (৩০) আৰু সনম ছেত্ৰী (১৬) ৷

প্ৰাপ্ত বাতৰি অনুসৰি যুৱক চাৰিজনে পথাৰত এৰি দিয়া গৰু প্ৰথমে হস্তনিৰ্মিত বন্দুকেৰে গুলী কৰি বজাৰত হৰিণাৰ মাংস বুলি বিক্ৰী কৰি আহিছিল । যুৱক চাৰিজনে তেনেদৰে কেইবাবাৰো গৰু হত্যা কৰি চোৰাং বজাৰত হৰিণা বুলি বিক্ৰী কৰি আহিছিল বুলি জানিব পৰা গৈছে (Cow poachers sold beef as deer meat) ৷

দৰাচলতে এগৰাকী স্থানীয় লোকে পথাৰত এৰি দিয়া গৰু হেৰোৱাত চৌদিশে বিচাৰ-খোচৰ আৰম্ভ কৰে । তেনেদৰে বিচাৰি থাকোঁতে সৰলপাৰাৰে এঠাইত গৰু কাটি থকা অৱস্থাতে চাৰি যুৱকক হাতে-লোটে ধৰা পেলায় । গৰাকীয়ে হেৰোৱা গৰুৰ ছিন্ন মূৰটোও উদ্ধাৰ কৰে । পিছত স্থানীয় ৰাইজে যুৱককেইজনক উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে ।

ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হোৱা ভীম তামাং নামৰ যুৱকজন সম্প্ৰতি কোকৰাঝাৰৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত চিকিৎসাধীন হৈ আছে । গৰুৰ মাংস জুইত পুৰি বজাৰত হৰিণাৰ মাংস বুলি বিক্ৰী কৰা যুৱক কেইজনৰ কৱলৰ পৰা আৰক্ষীয়ে এটা হস্তনিৰ্মিত বন্দুক আৰু খুকুৰীও উদ্ধাৰ কৰিছে (Cow poachers detained who sold beef as deer meat) ৷ 

লগতে পঢ়ক : Thief escaped: স্মাৰ্ট আৰক্ষীক চকুত ধূলি দি যোৰহাট সদৰ থানাৰ পৰা পলাল কুখ্যাত চোৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.