ETV Bharat / state

Thief escaped: স্মাৰ্ট আৰক্ষীক চকুত ধূলি দি যোৰহাট সদৰ থানাৰ পৰা পলাল কুখ্যাত চোৰ

author img

By

Published : Jun 11, 2023, 10:58 PM IST

যোৰহাট সদৰ থানাত সংঘটিত হ’ল অঘটন ৷ আৰক্ষী বিষয়াই সোধ পোছ কৰিবলৈ মাতোতেই পলাই পত্ৰং দিলে চোৰে ৷

thief escapes from Jorhat Sadar police station
যোৰহাট সদৰ থানাৰ পৰা পলাল কুখ্যাত চোৰ

যোৰহাট, 11 জুন: সততে যোৰহাট আৰক্ষীক লৈ প্ৰশ্ন সদায় উথাপন হৈ আহিছে আৰু হৈয়ে থাকিব ৷ কাৰণ আজিৰ সময়ত যোৰহাট আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি এটা পিচত আন এটা ডকাইতি, চুৰি কাণ্ড ঘটনা সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে অপৰাধীয়ে । ইয়াৰে জ্বলন্ত প্ৰমাণ হিচাপে পুনৰবাৰ যোৰহাট সদৰ থানাত সংঘটিত হ’ল অঘটন ৷

শনিবাৰে যোৰহাট সদৰ আৰক্ষীয়ে যোৰহাট বাচবাৰী পৰা ষ্টীল সামগ্ৰী চোৰ কৰাৰ এটা চোৰক গোলাঘাট জিলাৰ নুমলীগড় এটা অঞ্চল পৰা আটক কৰিছিল । নুমলীগড় পৰাৰ আটক কৰা কুখ্যাত চোৰ ইনামুল ডিৱানক দেওবাৰে নিশা ভাগত সদৰ থানা আৰক্ষী বিষয়া গৰাকীয়ে সোধ পোছ কৰিবৰ বাবে নিজ কক্ষলৈ মাতিছিল কিন্তু যোৰহাট সদৰ থানা আৰক্ষী নিৰাপত্তা ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ বুজি কুখ্যাত চোৰটোৱে পলায়ন কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: Health care Awareness Meeting: সজাগতাৰ অভাৱত দৰিদ্ৰ জনগণ বঞ্চিত হৈছে চৰকাৰী সুবিধাৰ পৰা

এই ঘটনাৰ পিচতে থানাখনত হুৱা-দুৱা পৰিস্থিতিৰ সৃষ্টি হয় ৷ আৰক্ষী থকাৰ পিচতো যোৰহাট সদৰ থানা পৰা এটা কুখ্যাত চোৰে এনেদৰে আৰক্ষী বেহু ফালি পলায়ণ কৰা ঘটনাই স্মাৰ্ট আৰক্ষী ফোপোলা স্বৰূপটো পুনৰ বাৰ উদঙাই দিলে। বৰ্তমান যোৰহাট আৰক্ষীত ক্ৰৰ্মবধমান হাৰত ঘটি থকা এনে বোৰ ঘটনাই বিভিন্ন ধৰণৰ প্ৰশ্ন অৱতাৰণা কৰিছে। কিয় বাৰে বাৰে যোৰহাট আৰক্ষী ক্ষেত্ৰত এনেবোৰ ঘটনা সংঘটিত হবলৈ পায় সেয়া এক ৰহস্য জনক বিষয় হৈ পৰিছে।

বৰ্তমান যোৰহাট আৰক্ষী ওপৰত যোৰহাটীয়া ৰাইজৰ একপ্ৰকাৰ আস্থা নাইকিয়া দৰে পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷

ইফালে ৰাজ্যজুৰি চৰকাৰে স্মাৰ্ট আৰক্ষীক কঠোৰ হ’বলৈ নিৰ্দেশনা দিয়াৰ লগতে ৰাজ্যত অপৰাধজনিত ঘটনা হ্ৰাস কৰিবলৈ পাৰ্যমানে চেষ্টা কৰিছে ৷ কিন্তু তাৰ পিচতো আৰক্ষীৰ এনে সোপাধিলা কাৰ্যই খাকী পোছাকক কলংকিত কৰি আহিছে ৷ এতিয়া পৰৱৰ্তী সময়ত দেখা যাব যে, পুনৰ চোৰটোক কৰায়ত্ত কৰিব পাৰিবনে নোৱাৰে যোৰহাট আৰক্ষীয়ে ৷

লগতে পঢ়ক: Cop detained in Dhubri : ৰঙাঘৰৰ আলহী হ’ল কনিষ্টবল আশ্ৰাফুল ইছলাম মোল্লাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.