ETV Bharat / state

Health care Awareness Meeting: সজাগতাৰ অভাৱত দৰিদ্ৰ জনগণ বঞ্চিত হৈছে চৰকাৰী সুবিধাৰ পৰা

author img

By

Published : Jun 11, 2023, 9:13 PM IST

ayushman-bhart-benefited-for-poor-family
‘‘প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা দ্ৰৰিদ্ৰ লোকৰ বাবে আৰ্শীবাদ স্বৰূপ’’

ধেমাজি জিলা যুটীয়া সেৱা সঞ্চালক কাৰ্যালয়ৰ স্বাস্থ্য বিষয়াৰ আহ্বান ৷ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সুবিধা গ্ৰহণ কৰক ৷ এই চৰকাৰী আঁচনি দ্ৰৰিদ্ৰ লোকৰ বাবে আৰ্শীবাদ স্বৰূপ (Pradhan Mantri Jan Arogya Yojana) ৷

‘‘প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা দ্ৰৰিদ্ৰ লোকৰ বাবে আৰ্শীবাদ স্বৰূপ’’

ধেমাজি, 11 জুন: ভাৰতৰ স্বাস্থ্যখণ্ডত এক যুগান্তকাৰী পদক্ষেপ হিচাবে চিহ্নিত হৈছে আয়ুষ্মান ভাৰত (Ayushman bhart) ৷ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই কিছু আশাৰ সঞ্চাৰ কৰিছে দৰিদ্ৰ ৰোগীৰ মাজত ৷ আচঁনিখনৰ জড়িয়তে সকাহ লাভ কৰিছে সাধাৰণ জনতাই ৷ আচঁনিখনৰ লক্ষ্য হৈছে স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ জৰিয়তে স্বাস্থ্য সেৱাক জনসাধাৰণৰ বাবে সহজলভ্য কৰি তোলা ৷

মুখ্যমন্ত্ৰীৰ জন আৰোগ্য যোজনাৰ অধীনত প্ৰৱৰ্তন কৰা আয়ুষ্মান কাৰ্ড দৰিদ্ৰ হিতাধিকাৰীৰ বাবে এক আশীৰ্বাদ স্বৰূপ হৈ পৰিছে ৷ ধেমাজি জিলাতো এই কাৰ্ডৰ জৰিয়তে বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা বহু দৰিদ্ৰ লোকে আঁচনিৰ সুফল ভোগ কৰিছে (Benefited for poor family) ৷ বহু দৰিদ্ৰ লোক এতিয়াও আয়ুষ্মান কাৰ্ডৰ বাবে আবেদন কৰি থকা পৰিলক্ষিত হৈছে ৷ কিন্তু বহু পৰিয়ালৰ ক্ষেত্ৰত আধাৰ কাৰ্ডৰ বাবে আয়ুষ্মান কাৰ্ড পৰা বঞ্চিত হৈছে ৷ এই সম্পৰ্কে ধেমাজি স্বাস্থ্য বিভাগে সজাগতা অনাৰ প্ৰয়াস কৰিছে (Health care Awareness Meeting in dhemaji) ।

প্ৰাপ্ত তথ্য মতে, ধেমাজি জিলাত মুঠ ৪,৭৮,৮৯৯ জন হিতাধিকাৰিক আয়ুষ্মান কাৰ্ড দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে ৷ ইয়াৰে ৩,৩৭,১৯১ জন হিতাধিকাৰীক ইতিমধ্যে আয়ুষ্মান কাৰ্ড দিয়া হৈছে ৷ জিলা খনৰ সকলো দৰিদ্ৰশ্ৰেণীৰ লোকক এই আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ জৰিয়তে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সুবিধা গ্ৰহণ কৰিবলৈ ধেমাজিৰ স্বাস্থ্য বিষয়া গৰাকীয়ে আহ্বান জনাইছে (Pradhan Mantri Jan Arogya Yojana) ৷

কেন্দ্ৰীয় চৰকাৰে দেশৰ দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীৰ আৰ্থিক বোজা হ্ৰাস কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই ভাৰতবৰ্ষৰ স্বাস্থ্য খণ্ডত এক নতুন দিগন্তৰ সূচনা কৰিছে । সেয়ে সকলো দৰিদ্ৰ পৰিয়ালক এই কাৰ্ডৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান ধেমাজি জিলা যুটীয়া সেৱা সঞ্চালক কাৰ্যালয়ৰ স্বাস্থ্য বিষয়া যোগেন দাসৰ ৷

লগতে পঢ়ক: Heavy rainfall in Guwahati : বশিষ্ঠত কালি মন্দিৰৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.