Congress Protest at Khowang: বিদ্যুত মাচুল বৃদ্ধিৰ বিৰোধিতাৰে খোৱাঙত কংগ্ৰেছৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 9:35 AM IST

thumbnail

ডিব্ৰুগড়, 4 অক্টোবৰ : 24 ঘন্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনত বিদ্যুতৰ অনিয়মীয়া যোগানে সমস্যাত পেলাইছে ৰাইজক । তেনে সময়তে পুনৰ বিদ্যুতৰ মাচুল বৃদ্ধি সিদ্ধান্তৰ পাচতে বিদ্যুতৰ মাচুলৰ চাৰ্কুলাৰ দাহ কৰি মঙলবাৰে খোৱাঙত কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ ৷

ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ সহযোগত খোৱাং ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত খোৱাং চাৰিআলিৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । কংগ্ৰেছ কৰ্মীসকলে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে বিদ্যুৎ বিভাগে প্ৰকাশ কৰা বৰ্দ্ধিত মাচুলৰ চাৰ্কুলাৰ দাহ কৰে ।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত এ পি চি চিৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য উপস্থিত থাকি বিজেপি চৰকাৰক বিদ্যুত মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় । লগতে কংগ্ৰেছ চৰকাৰ আহিলে প্ৰতিটো পৰিয়ালক 200 ইউনিট বিনামূলীয়া বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

লগতে পঢ়ক:Attempt to rape: লাহোৱালত কলেজীয়া ছাত্ৰীক ঘৰৰ ভিতৰতে ধৰ্ষণৰ অপচেষ্টা; অভিযুক্ত বিনোদ গগৈক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.