Congress protest in Tezpur: শোণিতপুৰ জিলা দিৱসৰ দিনাই তেজপুৰত কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Aug 3, 2023, 2:27 PM IST

thumbnail

তেজপুৰ, ৩ আগষ্ট : ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে নিত্যব্যৱহাৰ্য সামগ্ৰীৰ লগতে ইন্ধনজাতীয় সামগ্ৰী আৰু ঔষধৰ মূল্য ৷ সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ ফলত কোঙা হৈ পৰিছে ৰাজ্যৰ সাধাৰণ জনগণ ৷ এই মূল্যবৃদ্ধিৰ বিৰোধীতাৰে শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত শোণিতপুৰ জিলা দিৱসৰ দিনাই ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷

অভিনৱ কলা কৌশলৰ জৰিয়তে ভাওনাৰ নৃত্যৰে তেজপুৰ ৰাজীৱ ভৱনৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ পদযাত্ৰা কৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে জিলা কংগ্ৰেছ কমিটিয়ে ৷ কংগ্ৰেছী প্ৰতিবাদকাৰীসকলে ডিঙিত আলু, পিয়াঁজ, বিলাহী, ভাত কেৰেলা আদিৰ মালা পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে ৰাজ্যৰ কেবিনেট মন্ত্ৰীসকলৰ মুখা পৰিধান কৰি, পুতলা সাজি তেওঁলোকে মূল্যবৃদ্ধি সন্দৰ্ভত কৰা মন্তব্যক ‘‘মহৎ লোকৰ বাণী’’ বুলি উল্লেখ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । আনকি প্ৰতিবাদকাৰীসকলে বিজেপি দলৰ ৰাজ্যিক সভাপতি ভাৱেশ কলিতা আৰু মন্ত্ৰী পীযুজ হাজৰীকাক ছিণ্ডিকেটৰ ৰজা বুলি অভিহিত কৰে ৷ ইয়াৰ বিপৰীতে যোগান মন্ত্ৰী ৰঞ্জিত দাসক অপদাৰ্থ যোগান মন্ত্ৰী আৰু বিশ্বজিৎ দৈমাৰীক বিদ্যুতৰ মাচুল বাঢ়িছে গছৰ তলত বহক ইত্যাদি ব্যংগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য, জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকটিয়ে অংশগ্ৰহণ কৰে । আনহাতে, আজি সমান্তৰালভাৱে শোণিতপুৰ জিলাৰ প্ৰতিষ্ঠা দিৱস উদযাপন হৈ থকাৰ সময়তে জিলা কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীক একাংশ কংগ্ৰেছ দলৰ কৰ্মীয়ে অসন্তুষ্ট প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : Farmers now busy: ৰঙিয়াত শাওনৰ পথাৰত ভূঁই ৰোৱাত ব্যস্ত কৃষিজীৱী গঞা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.