Congress press meet : কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয়ক লৈ ব্যস্ত একাংশ সংবাদ মাধ্যম : সভাপতি ভূপেন বৰা

By

Published : Apr 25, 2023, 11:13 AM IST

thumbnail

ডিব্ৰুগড়, 25 এপ্ৰিল : ‘‘কংগ্ৰেছ দলৰ মাজত সংঘাত হ'লে অসমৰ ৰাইজৰ কোনো ধৰণৰ ক্ষতি নহয় ৷ কিন্তু শাসক দল বিজেপিৰ মাজত সংঘাত হ'লে অসমৰ ৰাইজৰ ক্ষতি হ'ব’’ । সোমবাৰে ডিব্ৰুগড়ত এক সংবাদমেল সম্বোধন কৰি অসমৰ একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

আনকি অসমৰ একাংশ সংবাদ মাধ্যম কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিষয়ক লৈ ব্যস্ত থকা বুলি অভিযোগ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । লগতে তেওঁ শাসক দল বিজেপিৰ ভিতৰচ’ৰাত কংগ্ৰেছত কৈ অধিক সংঘাত আছে যদিও অসমৰ সংবাদ মাধ্যমে সেয়া প্ৰকাশ নকৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় (Congress president alleged against assam media) ।

ইফালে ডিব্ৰুগড়ৰ আমোলাপট্টি হোটেল ট্ৰী ফাৰ্ণত সংবাদমেল অনুষ্ঠিত কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বহিষ্কৃত কংগ্ৰেছ নেত্ৰী অংকিতা দত্তৰ প্ৰসংগত আৰু একো ক'ব লগা নাই বুলি উল্লেখ কৰে ৷ লগতে সদ্য বহিষ্কৃত কংগ্ৰেছ নেত্ৰীগৰাকীৰ প্ৰসংগত কিবা ক'ব লগা থাকিলে দলৰ মুখপাত্ৰসকলে ক'ব বুলিও তেওঁ এক দায় সৰা মন্তব্য প্ৰদান কৰে (Congress president press meet in Dibrugarh) ।

লগতে পঢ়ক : Kedarnath latest news : খোল খালে কেদাৰনাথ ধামৰ প্ৰৱেশদ্বাৰ; ভক্তৰ সীমাহীন ভিৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.