Tragic road mishap: ৰঙিয়াত দ্ৰুতবেগী ট্ৰাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 12:20 PM IST

thumbnail

ৰঙিয়া, 10 অক্টোবৰ : ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙিয়াৰ তুলসীবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ৷  বুধবাৰে নৰ্থ ইষ্ট বেংকৰ সন্মুখত বাইক আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয় । এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে বাইক আৰোহীজন । আহত লোকজন ৰঙিয়াৰ বিচেন্নানালাৰ অশ্বিনী ডেকা (52) বুলি জানিব পৰা গৈছে  । 

স্থানীয় ৰাইজে ততাতৈয়াকৈ আহত লোকজনক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ ঘটনাৰ বিৱৰণী অনুসৰি, তামুলপুৰ অভিমুখী দ্ৰুতবেগী ট্ৰাক আৰু ৰঙিয়া অভিমুখী বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয় । যাৰ ফলত বাইক আৰোহীজন বহু দূৰত চিটিকি পৰে । যাৰ ফলত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন । 

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকখনে । আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন বিচাৰি অভিযান চলাইছে ৷

লগতে পঢ়ক: Moral policing: আৰক্ষীৰ সকীয়নি, লিপ্ত নহ’ব মৰেল পুলিচিঙৰ সৈতে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.