Assam Govt Aid To Barua Brothers: শিল্পী ভাতৃদ্বয় ৰমেন বৰুৱা আৰু দ্বীপেন বৰুৱালৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য

By

Published : Jul 17, 2023, 9:56 PM IST

thumbnail

গুৱাহাটী, ১৭ জুলাই: ৰাজ্যৰ দুই বিশিষ্ট শিল্পী বৰুৱা ভাতৃদ্বয়লৈ অসম চৰকাৰৰ বিশেষ সহায়ৰ হাত ৷ ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই আজি শিল্পী ভাতৃদ্বয় ৰমেন বৰুৱা আৰু দ্বীপেন বৰুৱাৰ স্থানীয় লতাশিলৰ বাসগৃহত উপস্থিত হৈ শিল্পী দুগৰাকীৰ স্বাস্থ্যৰ বুজ লয় ৷ লগতে দুয়োগৰাকী শিল্পীক মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা আগবঢ়োৱা ধনৰ চেক প্ৰদান কৰে মন্ত্ৰী বিমল বড়াই। 

সংগীত পৰিচালক ৰমেন বৰুৱা আৰু গায়ক দ্বীপেন বৰুৱাক চেকযোগে ক্ৰমে তিনি লাখ আৰু দুই লাখ টকাৰ সাহাৰ্য আগবঢ়োৱা হয়। উল্লেখ্য যে, কিছুদিন পূর্বে শাৰীৰিক অসুস্থতা হেতুকে চিকিৎসা গ্ৰহণ কৰি থকাৰ কথা গম পাই সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই স্বনামধন্য শিল্পী ৰমেন বৰুৱাৰ বাসগৃহ লৈ গৈ তেখেতৰ স্বাস্থ্যৰ বুজ লৈছিল ৷

লগতে পঢ়ক: Burhachapori Firing Incident: বন বিষয়াক গ্ৰেপ্তাৰৰ দাবী বিধায়ক নুৰুল হুদাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.