কিশোৰীক ধৰ্ষণ কৰি পলাতক অভিযুক্ত

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 8:42 AM IST

thumbnail

মৰিগাঁও, 19 ডিচেম্বৰ : মৰিগাঁও জিলাৰ মায়ঙৰ বৰদলনিত লজ্জাজনক ঘটনা সংঘটিত হৈছে  ৷ ৮ বছৰীয়া নাবালিকাক খোৱা বস্তুৰ প্ৰলোভন দি ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে যুৱকৰ বিৰুদ্ধে ৷ অভিযুক্ত যুৱকজনৰ নাম পদুম দাস বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা 12 ডিচেম্বৰ তাৰিখে মায়ং থানাৰ অন্তৰ্গত বৰদলনি গাঁৱত অনুষ্ঠিত হোৱা কালী পূজা চাবলৈ আত্মীয়ৰ সৈতে গৈছিল কিশোৰীগৰাকী ৷ সেই চেগতে মেলাৰ দোকানৰ পৰা কিবা খোৱা বস্তু কিনি দিয়াৰ চলেৰে একে গাঁৱৰে পদুমে কিশোৰীগৰাকীক জোৰ জবৰদস্তি পথাৰলৈ মুখত সোপা দি লৈ যায় ৷ পথাৰতেই কিশোৰীগৰাকীক ধৰ্ষণ কৰি প্ৰহাৰ কৰে পদুমে ৷ তাৰ পিচতে কিশোৰীগৰাকীক এই কথা কাৰো আগত নকবলৈ ধমকি দি ঘৰলৈ পঠিয়াই দিয়ে ৷ 

এই ঘটনাৰ পিচতেই কিশোৰীগৰাকীয়ে ঘৰলৈ আহি সকলো কথা কয় ৷ এই কথা শুনি পৰিয়ালৰ লোক মায়ং আৰক্ষীৰ কাষ চাপে ৷ ইতিমধ্যে পৰিয়ালৰ লোকে ৰুজু কৰা গোচৰৰ ভিত্তিত মায়ং আৰক্ষীয়ে কিশোৰীগৰাকীক চিকিৎসাৰ ব্যবস্থা কৰি ঘটনাৰ তদন্তত অব্যাহত ৰাখিছে ৷ 

ইফালে এই ঘটনা সংঘটিত কৰি পলায়ন কৰে অভিযুক্ত পদুমে ৷ অচিৰেই পদুমক কৰায়ত্ত কৰি ফাঁচী দিবলৈ দাবী কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে ৷ জানিব পৰা মতে, অভিযুক্ত পদুম দাসে পূৰ্বতে ধৰ্ষণৰ গোচৰত কেইবামাহ কাৰাবাস খাটিছে ৷ 

লগতে পঢ়ক: People For Animal ৰ চৌহদত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰ্মচাৰীৰ মৃতদেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.