People For Animal ৰ চৌহদত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰ্মচাৰীৰ মৃতদেহ

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 1:40 PM IST

thumbnail

গুৱাহাটী, 18 ডিচেম্বৰ: গুৱাহাটীৰ চচলস্থিত People For Animal (PFA)ৰ চৌহদৰ ভিতৰত চিপ লৈ থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ মৃত যুৱকজন বিদ্যুৎ জ্যোতি টাৰো (27) ওৰফে উমণ বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে।

জানিব পৰা মতে, যোৱা প্রায় এবছৰ ধৰি People for animals নামৰ সংস্থাটোত কৰ্মৰত আছিল যুৱকজন । সংস্থাটোত কেয়াৰটেকাৰ হিচাপে কৰ্মৰত মৃত যুৱকজনৰ ঘৰ হেঙেৰাবাৰী অঞ্চলত। 

দেওবাৰে সন্ধিয়া প্ৰায় 7.30 বজাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ । People for animals ৰ চৌহদত থকা গৰুৰ গোহালিত উদ্ধাৰ হয় যুৱকজনৰ নিথৰ দেহ। সংস্থাটোত কৰ্মৰত লোকে জানিবলৈ দিয়া মতে, ড্ৰাগছ আসক্ত আছিল যুৱকজন। মৃত্যুৰ পূৰ্বে যুৱকজনে বিভিন্ন লোকৰ পৰা ধাৰত বিচাৰিছিল ধন।

ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্তৰ পিচতেহে পোহৰলৈ আহিব যুৱকজনৰ মৃত্যুৰ প্ৰকৃত ৰহস্য।

লগতে পঢ়ক: মহানগৰীৰ লাল গণেশত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে ছাঁই হ’ল বহু সম্পত্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.