Kiren Rijiju at Rupohihat : ৰূপহীহাটত কেইবাটাও কাৰ্যসূচীৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 10:09 PM IST

thumbnail

ৰূপহীহাট, 11 ছেপ্টেম্বৰ : ৰূপহীহাটত সোমবাৰে কেইবাটাও কাৰ্যসূচী লৈ উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু ৷ ৰূপহীহাটত উপস্থিত হৈ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ আয়োজনৰ প্ৰস্তুতিৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ ৰূপহীহাটত উপস্থিত হৈ সাংবাদিকৰ সৈতে মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে ৷

ইফালে G-20 শীৰ্ষ সন্মিলনক লৈও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷ G-20 সন্মিলনত আয়োজক দেশ হিচাবে ভাৰতে ব্যাপক সফলতা লাভ কৰিছে বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে ভাৰতে এই সফলতা লাভ কৰিছে বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷ G-20 সন্মিলনত ভাৰতে আন্তঃৰাষ্ট্ৰীয় সমস্যাবোৰ উপস্থাপন কৰিবলৈ সক্ষম হৈছে বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ 

লগতে পঢ়ক : Taekwondo championship:টাইকোৱাণ্ডো চেম্পিয়নশ্বিপৰ সামৰণি অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.