Junmoni Rabha accident:ক্ৰেনৰ চালকক জেৰা চিবিআইৰ

By

Published : Jun 28, 2023, 8:23 PM IST

thumbnail

কলিয়াবৰ, ২৮ জুন: ৰাজ্য কঁপোৱা এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে চি বি আইৰ দলে । এই তদন্তৰ বাবে জখলাবন্ধা থানাত পুনৰ উপস্থিত চি বি আইৰ তিনিজনীয়া দল । জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ ৪৪ দিনৰ পিচত পুনৰ জখলাবন্ধা থানাত উপস্থিত হয় চি বি আইৰ তিনিজনীয়া এটা দল । জোনমণি ৰাভাৰ ঘটনাৰ চলি থকা তদন্তৰ বাবেই  দুৰ্ঘটনাৰ নিশা ঘটনাস্থলীত উপস্থিত হোৱা ক্ৰেনৰ চালক আৰু সহযোগীক থানাৰ ভিতৰত জেৰা কৰে তদন্তকাৰী তিনি বিষয়াই ।  

ইপিনে,এম্বুলেঞ্চৰ চালককো সোধা-পোছা কৰে বুলিও জানিব পৰা গৈছে । উল্লেখযোগ‍্য যে, জোনমণি ৰাভাৰ মাতৃয়ে এজাহাৰত উল্লেখ কৰা চাৰি আৰক্ষী বিষয়াৰ নাম আৰক্ষীয়ে উল্লেখ নকৰা কথাটো ইতিমধ‍্যে সৰ্বত্ৰে চৰ্চিত হৈ আহিছে । উল্লেখ্য় যে জোনমণি ৰাভাৰ মৃত্যুৰ লগত সাঙোৰ খোৱা মুঠ চাৰিটাকৈ গোচৰৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে এই দলটোৱে ।

লগতে পঢ়ক:Junmoni Rabha death: অতি সোনকালে এটা ভালখবৰ পাব বুলি আশাবাদী জোনমণিৰ পৰিয়াল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.