দৰং আৰক্ষীৰ সফলতা, বাহনসহ পাঁচ গৰু চোৰক আটক

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 7:11 AM IST

Updated : Dec 3, 2023, 9:50 AM IST

thumbnail

দৰং, 3 ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে গৰু চোৰৰ দপদপনি ৷ আৰক্ষীয়েও অভিযান অব্যাহত ৰাখিছে গৰু চোৰৰ বিৰুদ্ধে ৷ শনিবাৰে দৰং আৰক্ষীয়ে অভিযান চলাই এখন বাহনসহ পাঁচ গৰু চোৰক আটক কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন চোৰকেইটা হ’ল ইব্ৰাহিম আলী, জামাল, জামাল বাদশ্বাহ, হাফিজুল ইছলাম আৰু মোস্তাফা আহমেদ বুলি জানিব পৰা গৈছে ৷ আনহাতে, জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে  AS 01 BQ 8838 ৷

ঘটনাৰ সন্দৰ্ভত দৰং আৰক্ষীয়ে কয় যে, কেইদিনমানৰ পূৰ্বে দলগাঁৱৰ মকিবুৰ হুচেইন নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছিল চুৰি কাণ্ড ৷ সমগ্ৰ চুৰি কাণ্ডৰ দৃশ্য বন্দী হৈছিল চি চি কেমেৰাত ৷ সেই ফুটেজৰ ভিত্তিতে শনিবাৰে দৰং আৰক্ষীয়ে মঙলদৈত অভিযান চলায় ৷ সেই সময়তে মঙলদৈৰ পৰা গুৱাহাটী দিশে পলায়ন কৰে পাঁচ চোৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে গুৱাহাটীৰ পৰা কৰায়ত্ত কৰে পাঁচ চোৰক ৷

লগতে পঢ়ক : দলগাঁৱৰ মৌছিটা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, খবৰ দিয়াৰ পাচতো নাহিল অগ্নিনিৰ্বাপক বাহিনী

Last Updated : Dec 3, 2023, 9:50 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.