দলগাঁৱৰ মৌছিটা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, খবৰ দিয়াৰ পাচতো নাহিল অগ্নিনিৰ্বাপক বাহিনী

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 11:34 AM IST

thumbnail

দলগাঁও, 2 ডিচেম্বৰ : শুকুৰবাৰে দলগাঁৱৰ মৌছিটা বজাৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । ফলত কেইবা লক্ষাধিক টকাৰ সম্পত্তি ভম্মীভূত হৈছে বুলি জানিব পৰা গৈছে ৷ শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । ইফালে বজাৰখনৰ 15 খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান ভম্মীভূত হয় ৷

ৰাইজৰ অভিযাগ অনুসৰি, ঘটনাৰ সন্দৰ্ভত খবৰ দিয়াৰ পাচতো অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত নহ’ল ৷ যাৰ বাবে ৰাইজে নিজে জুই নিৰ্বাপন কৰিবলগীয়া হয় ৷ স্থানীয় ৰাইজে কয়, ‘‘ ঘটনা সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীৰ‌ লগত কেইবাবাৰো যোগাযোগ কৰা হৈছিল ৷ কিন্তু তেওঁলোকে গুৰুত্বই নিদিলে ৷ জুই জ্বলি থকা প্ৰায় ডেৰ ঘণ্টাৰ পিচতো আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত নহ’ল ৷’’

লগতে পঢ়ক : ধিক মানৱতা; মামণিক বধ কৰি পেলাই দিলে দলগাঁও হাইস্কুলৰ চৌহদত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.