Attempt to murder: মৰাণহাটত ব্যৱসায়ীক চোকা অস্ত্ৰৰে আক্ৰমণ

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 12:11 PM IST

thumbnail

মৰাণ, 29 আগষ্ট : ৰাজ্য়ত দিনক দিনে বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা ৷ চৰাইদেউ জিলাৰ মৰাণহাটত সোমবাৰে নিশা সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা । মৰাণহাটৰ শান্তিপুৰত দাৰ ঘাপত এজন ব্যৱসায়ী আহত হয় ৷ চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত শান্তিপুৰত সোমবাৰে নিশা প্ৰণৱ চেতিয়া নামৰ এজন লোকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হয় কৃষ্ণ বৰুৱা নামৰ ব্যৱসায়ীজন ৷ 

কৃষ্ণ বৰুৱাই ঘৰত কন্যাক থৈ নিজৰ দোকানলৈ যোৱাৰ সময়তে পূৰ্বৰে পৰা খাপ পিটি থকা প্ৰণৱ চেতিয়াই এখন দাৰে অতৰ্কিতে আক্ৰমণ কৰে ৷ ঘটনা সংঘটিত কৰি আক্ৰমণকাৰী প্ৰণৱ চেতিয়াই ঘটনাস্থলীৰ পলায়ন কৰে ৷ এই ঘটনাৰ পিচতে কৃষ্ণ বৰুৱাক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয় । ঘটনা সন্দৰ্ভত বৰ্তমান মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে । জানিব পৰামতে আজিৰ পৰা দুবছৰৰ পূৰ্বে প্ৰণৱ চেতিয়াৰ লগত পৰিয়ালকেন্দ্ৰিক সংঘাত হৈছিল কৃষ্ণ বৰুৱাৰ ৷  

লগতে পঢ়ক: Operation against drugs: ড্ৰাগছ আসক্তক আটক কৰি আৰক্ষীক গতালে আছুৰ সদস্যই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.