Road Accident at Kaliabor: কলিয়াবৰত যাত্ৰাবাহী বাছ আৰু ব্যক্তিগত বাহনৰ মাজত সংঘৰ্ষ

By

Published : Aug 20, 2023, 8:40 PM IST

thumbnail

কলিয়াবৰ,20 আগষ্ট: কলিয়াবৰৰ নলতলি-নগাঁও সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন যাত্ৰীবাহী বাছ আৰু ব্যক্তিগত বাহনৰ মাজত সংঘৰ্ষ হয় ৷ জানিব পৰা মতে নলতলিৰ পৰা নগাওঁ অভিমুখী আছিল যাত্ৰীবাহী বাছখন ৷ আনহাতে একে দিশৰ পৰা অহা এখন ব্যক্তিগত বাহন অতিক্ৰম কৰিলৈ গৈ বাছখনে খুন্দা মাৰে বাহনখনত ৷ ইতিমধ্যে ঘটনাস্থলীত চুলুং আৰক্ষীৰ এটা দল উপস্থিত হয় ।

কথমপি প্ৰাণ ৰক্ষা পৰে বাহনখনৰ চালকজন । দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ AS 25 DC 8184 আৰু ব্যক্তিগত বাহনখনৰ নম্বৰ AS 03 H 1631 ৷ ইফালে আহত অৱস্থাত বাহনখনৰ চালকক চুলুং আৰক্ষীয়ে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে । এই দুৰ্ঘটনাৰ পাচতে চেপা উত্তেজনাই বিৰাজ কৰে ৷ ইফালে বাছ চালকজনক আক্ৰমণ কৰে একাংশ লোকে ৷ 

লগতে পঢ়ক:Road Accident: কলিয়াবৰত একেদিনাই দুটাকৈ পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.