ETV Bharat / state

Road Accident: কলিয়াবৰত একেদিনাই দুটাকৈ পথ দুৰ্ঘটনা

author img

By

Published : Aug 16, 2023, 5:53 PM IST

স্বাধীনতা দিৱসৰ দিনটোতেই নগাঁও জিলাৰ কলিয়াবৰত দুটাকৈ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুয়োটা ঘটনাত 6 গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷

Road Accident
কলিয়াবৰত একেদিনাই দুটাকৈ পথ দুৰ্ঘটনা

কলিয়াবৰত একেদিনাই দুটাকৈ পথ দুৰ্ঘটনা

কলিয়াবৰ, 16 আগষ্ট : কলিয়াবৰত স্বাধীনতা দিৱসৰ দিনটোতেই দুটাকৈ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুয়োটা ঘটনাত 6 গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷ এতিয়ালৈ কোনো লোকৰ মৃত্যুৰ খবৰ অহা নাই ৷

প্ৰথমটো ঘটনাত নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাট-ধিং ৰিংবান্ধৰ নৱনিৰ্মিত পথত মঙলবাৰে সন্ধিয়া এখন মাৰুতি ভানে নিয়ন্ত্ৰণ হেৰুৱাই ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত সোমায় ৷ এই দুৰ্ঘটনাটোত চালকসহ পাঁচগৰাকী যাত্ৰী আহত হয় ।

লগে লগে স্থানীয় লোক আৰু শিলঘাট আৰক্ষী টহলদাৰী চকীৰ আৰক্ষীয়ে বাহনখনত থকা লোককেইজনক উদ্ধাৰ কৰি কলিয়াবৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহত যাত্ৰীকেইজন হ'ল- ধৰিত্ৰী বৰা (21), বনশ্ৰী বৰা (20), শিৱানী বৰা (23), ৰিমু বৰা (28) আৰু নয়নজ‍্যোতি বাৰিচোৱা।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা চালক নয়নজ‍্যোতি বাৰিচোৱা আৰু শিৱানী বৰাক তেজপুৰ চিকিৎসা মহাবিদ‍্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

দ্বিতীয়টো ঘটনাত কলিয়াবৰৰ ৰাজপথৰ মাজতে এখন চলন্ত কন্টেইনাৰৰ চকা খুলি যোৱাৰ বাবেই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় ৷ গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে যোৱা এ এছ 01 এ চি 6987 নম্বৰৰ কন্টেইনাৰখনৰ চকা খুলি যোৱাৰ পাচতেই পাছফালৰ পৰা এ এছ 03 এ ই 1929 নম্বৰৰ হুণ্ডাই ভেন্যু বাহনখনে তীব্ৰ বেগত কণ্টেইনাৰখনত খুন্দা মৰাত দুৰ্ঘটনাত পতিত হয় । এই দুৰ্ঘটনাত খুন্দা মৰা চাৰিচকীয়া বাহনখনৰ চালকজন গুৰুতৰভাৱে আহত হয় ৷

এই ঘটনাৰ পিচতেই জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত চালকজনক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। আৰক্ষীয়ে বাহনখন উদ্ধাৰ কৰি থানালৈ লৈ যায় ৷ উল্লেখ্য যে, স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত কেইবাটাও পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে ৷

লগতে পঢ়ক: Bullet to Assam Police: NRLৰ তৰফৰ পৰা তিনিচুকীয়া আৰক্ষীক বুলেট প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.