Bullets seized : ৰঙিয়া ৰেল ষ্টেচনত উদ্ধাৰ বৃহৎ পৰিমাণৰ সক্ৰিয় গুলী; গ্ৰেপ্তাৰ এজনক

By

Published : Jul 8, 2023, 12:12 PM IST

thumbnail

ৰঙিয়া, 7 জুলাই : ৰঙিয়া ৰেল ষ্টেচনত উদ্ধাৰ বৃহৎ পৰিমাণৰ সক্ৰিয় গুলী । এজন যাত্ৰীৰ পৰা উদ্ধাৰ কৰা হৈছে এছ এল আৰৰ 600 জাঁই সজীৱ গুলী । নামনিমুৱা অৱধ আসাম এক্সপ্ৰেছৰ পৰা জব্দ কৰা হয় গুলীখিনি । এজন যাত্ৰীৰ পৰা এছ এল আৰৰ গুলীখিনি জব্দ কৰে জিআৰপিএফৰ তহলদাৰী দলে ।  গুলী সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৰেল আৰক্ষীয়ে । ধৃত সৰবৰাহকাৰীজন বিহাৰৰ খগাৰীয়া জিলাৰ কৈলাশ শৰ্মা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । 

নাগালেণ্ডৰ চোৰাং বজাৰৰ পৰা ক্ৰয় কৰি ৰেলৰ চিটৰ তলত এটা নীলা ৰঙৰ বেগত গুলীখিনি কঢ়িয়াই আনিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ডিমাপুৰৰ পৰা বিহাৰৰ কাটিহাৰ জিলালৈ অবৈধভাৱে সৰবৰাহ কৰাৰ সময়তে ৰঙিয়া ৰেল ষ্টেচনত ৰেল আৰক্ষীয়ে নিশা 11 বজাত নিয়মীয়া তালাচীৰ সময়ত জব্দ কৰে গুলিখিনি । 

সৰবৰাহকাৰীজনক ইতিমধ্যে ৰে’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে । 

লগতে পঢ়ক : Amritpal Singh update : কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা যুৱ সমাজলৈ বিশেষ আহ্বান অমৃতপালৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.