BTR government on Development: তামুলপুৰত বিটিআৰ চৰকাৰৰ প্ৰতিনিধিৰ সৈতে দল সংগঠনৰ বৈঠক

By

Published : Jan 17, 2023, 8:14 AM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

তামুলপুৰৰ ৰাজহুৱা উদ্যানত সোমবাৰে বিটিআৰ চৰকাৰৰ উদ্যোগত ৩০ টা জাতীয় সংগঠনৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় (Organizations hold talks with BTR govt)। জাতীয় দল-সংগঠনসমূহৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয় এই সভাত । 

আলোচনাত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ ৰনগৌৰা নাৰ্জাৰী, উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী (Deputy CEM Govinda Basumatary), স্থানীয় বিধায়ক জলেন দৈমাৰী, UPPL দলৰ সাধাৰণ সম্পাদক মাধৱ ছেত্ৰীকে ধৰি বিটিআৰ চৰকাৰৰ কেইবাগৰাকীও MCLA । 

বি টি আৰৰ ভূমি সংক্ৰান্তীয় সমস্যাৰ লগতে শিক্ষা-স্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ বিভাগকেইটাৰ ওপৰতো বিস্তৃত আলোচনা কৰা হয় । বিটিআৰৰ ৩০ টাকৈ জাতীয় তথা অৰাজনৈতিক দলৰ সৈতে হোৱা আলোচনাৰ অন্তত গোবিন্দ বসুমতাৰীয়ে সংবাদ মাধ্যমক কয়, বিটিআৰত ৩৫ লাখ মানুহ আছে । যদিও বিটিআৰৰ ফাণ্ড অতি সীমিত, জনসংখ্যা অনুপাতে আমি ফাণ্ড পাবলৈ সক্ষম নহওঁ । তথাপি বিটিআৰৰ প্ৰতিটো সমস্যা আমি সমাধান কৰিম ।

লগতে তেখেতে কলে, বছৰটোত আমি প্ৰায় ১২ শ কোটি টকা পাব লাগে । কিন্তু আমি পাওঁ মাত্ৰ ৭০০ কোটি । যাৰ বাবে আমি ৰাইজৰ প্ৰতিটো সমস্যা সমাধান কৰাত আমাৰ কিছু বিফলতা আহি পৰে । তাৰ মাজতো আমি উন্নয়নৰ চেষ্টা কৰি আছো আৰু অনাগত দিনতো কৰি যাম ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.