Brown sugar recovered : ব্ৰাউন চুগাৰসহ সৰবৰাহকাৰী আৰক্ষীৰ জালত

By

Published : May 7, 2023, 11:36 AM IST

thumbnail

কলগাছিয়া, 7 মে’ : বৰপেটা জিলাৰ কলগাছিয়াত ব্ৰাউন চুগাৰসহ আটক সৰবৰাহকাৰী । ধৃত সৰবৰাহকাৰীটো কলগাছিয়াৰ কাৰিমূল ইছলাম বুলি জানিব পৰা হৈছে । সৰবৰাহকাৰীটোৰ পৰা বুজন পৰিমাণৰ ব্ৰাউন চুগাৰৰ কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী (Brown sugar recovered at Kalgasia) । 

ঘটনা সন্দৰ্ভত জানিবলৈ পৰা মতে, বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত খৰিচালা বজাৰৰ ড্ৰাগছ মাফিয়া কাদেৰৰ পৰা কলগাছিয়াৰ কাৰিমূল ইছলামে 5 হাজাৰ টকাৰ বুজন পৰিমাণৰ ড্ৰাগছসহ কণ্টেইনৰ কিনি আনিছিল । ইয়াৰ পিচতে স্থানীয় ৰাইজৰ সহযোগত কাৰিমূলক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে যুৱকজনৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ আৰু এটা ম’বাইল জব্দ কৰিবলৈ সক্ষম হয় (One Brown Sugar peddler detained at Kalgasia) । 

অৱশ্যে কাৰিমূলৰ সহযোগী আন এজন ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে ধৃত কাৰিমূল ইছলামে বিগত ডেৰ বছৰ ধৰি ড্ৰাগছৰ সৈতে জড়িত হৈ থকা বুলি সংবাদ মাধ্যমৰ আগত নিজ মুখে কয় (Brown Sugar seized at Kalgasia) ৷ 

লগতে পঢ়ক : Dr Sangeeta Dutta case : গ্ৰেপ্তাৰ হ’ল পলাতক চিকিৎসক ডাঃ সংগীতা দত্ত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.