Body recovered in Nagaon: ৰূপহীহাটৰ সোনাই নদীত যুৱকৰ মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 10:47 PM IST

thumbnail

চামগুৰি, ১৪ অক্টোবৰ :মহালয়াৰ দিনাই ৰূপহীহাটৰ ভকতগাঁৱত অঘটন । নগাঁও জিলাৰ ৰূপহীহাটৰ ভকতগাঁৱত আজি এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় । ৩০ বছৰীয়া নীলোৎপল সৰকাৰ (টিটো)ৰ শুক্ৰবাৰে নিশা ৮ বজাত ঘৰৰ পৰা ওলাই যোৱাৰ পিচৰে পৰাই সন্ধানহীন হৈ আছিল । পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰে যদিও কোনো সন্ধান পোৱা নাছিল । শনিবাৰে পুৱা ঘৰৰ পিছফালে থকা সোনাই নদীত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয় । লগে লগে স্থানীয় ৰাইজে ৰূপহীহাট থানাৰ আৰক্ষীক এই বিষয়ে অৱগত কৰে ।

ইয়াৰ পিচতেই ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে । কি কাৰণত যুৱকজনৰ মৃত্যু হ'ল সেয়া স্পষ্ট হোৱা নাই । আৰক্ষীয়ে ইতিমধ্য়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক:AGP Foundation Day: শনিবাৰে ৩৯ বছৰীয়া হ’ব অসম গণ পৰিষদ; গোলাঘাটত প্ৰতিষ্ঠা দিৱসৰ আয়োজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.