নিজস্ব ভাষা জলাঞ্জলি দি অসমীয়া ভাষা কোৱা মুছলমানসকলক ককৰ্থনা বিজেপি নেতাৰ

By

Published : Aug 15, 2022, 9:37 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

স্বাধীনতা দিৱসৰ দিনাই ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ বিজেপি নেতা আব্দুল আজিজৰ বিতৰ্কিত মন্তব্যই সামাজিক মাধ্যমত তোলপাৰ লগাইছে (Bjp leader controversy comment on Assamese language) ৷ নিজৰ মাতৃভাষাক জ্বলাঞ্জলি দি মাতৃভাষা অসমীয়া বুলি লিখা মুছলমান লোকসকলক বেইমান গাড্ডাৰ আখ্যা দিয়ে প্ৰাক্তন বিধায়কজনে ৷ বঙালী ভাষাৰ পৰৱৰ্তে মাতৃভাষা অসমীয়া লিখাসকলৰ নিচিনা মিৰ্জাফৰ এই পৃথিৱীত নাই (Bjp leader Abdul Aziz)। সেইকাৰণেই আজি অসমৰ মিয়া মুছলমান লোকসকলক ইমান অপমান কৰে ৷ মুছলমানসকলে ইতিহাস মচি দিয়াৰ বাবেই আজিৰ দিনত কাৰো গাৰ তেজ গৰম নহয় ৷ হাতিপুখুৰীৰ TN ইংলিছ একাডেমিত স্বাধীনতা দিৱসৰ দিনা জাতীয় পতাকা উত্তোলন কৰি এই বিস্ফোৰক মন্তব্য কৰে আব্দুল আজিজে (Bjp leader controversy )৷

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.