Bihu Dance controversy: ৰাষ্ট্ৰীয় পৰ্যায়ত বিকৃত ৰূপত উপস্থাপন বিহু নৃত্য

By

Published : Feb 1, 2023, 6:37 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

গুৱাহাটী, ১ ফেব্ৰুৱাৰী: পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বিহু নৃত্যক বিকৃত ৰূপত উপস্থাপন কৰা হৈছে (Controversy on Bihu Dance)। Zee5ৰ ৱেব ছিৰিজত বিকৃত ৰূপত বিহুক উপস্থাপন কৰা হৈছে । অসমক লৈ বিভ্ৰান্তিকৰ তথ্য উপস্থাপন Zee 5ৰ ৱেব চিৰিজত । এইবাবে পুনৰ এবাৰ ৰাষ্ট্রীয় পৰ্যায়ত অপমানিত হ'ল বিহু নৃত্য । ৰাষ্ট্ৰীয় পৰ্যায়ৰ OTT প্লেটফর্ম Zee 5ত সম্প্ৰচাৰ হোৱা এখন ৱেব ছিৰিজত বিকৃত ৰূপত উপস্থাপন কৰা হ'ল বিহু নৃত্য। পশ্চিমবংগৰ বাঙালী চলচিত্ৰ পৰিচালক শ্ৰীজিত মুখাৰ্জীৰ পৰিচালনাত নিৰ্মান হোৱা 'Jaanbaaz Hindustan Ke' নামৰ ৱেব চিৰিজ খনৰ দ্বীতীয় খণ্ডৰ আৰম্ভনিতে দেখুওৱা হৈছিল বিহু নৃত্য । "তোক দেখি মোৰ গা "শীৰ্ষক বিহু সুৰীয়া গীতটোত ৱেব ছিৰিজখনত বিহু নৃত্য উপস্থাপন কৰিবলৈ গৈ পৰিবেশন কৰিলে বিকৃত ৰূপত ।  

কেৱল বিহু নৃত্যকেই বিকৃত কৰা নাই ৱেব চিৰিজখনৰ নিৰ্মাতা সকলে, বিকৃত কৰিলে বিহুৱাৰ পোছাকো । বিহু নৃত্য কৰা বিহুৱা সকলে পাটিয়ালা পেন্ট আৰু ৱাচ কোট পিন্ধি মুৰত ৰঙা কাপোৰ বান্ধি বিকৃত ৰূপত উপস্থাপন কৰে । বিহুৱা ডেকাৰ ধুতি গুচি পৰিধান কৰোৱা হ'ল পাতিয়ালা পেন্ট, গামোচাৰ সলনি মূৰত মাৰিলে ৰঙা কাপোৰ, গাত পিন্ধাই দিয়া হল ৱাছ কোট । 

এনেদৰে বিকৃত পোছাক পৰিধান কৰাই বিহু নচোৱা হ'ল ৱেব ছিৰিজখনত । অসমৰ জাতীয় নৃত্য বিহুক এনেদৰে বিকৃত ৰূপত উপস্থাপন কৰা এই ৱেব ছিৰিজৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লবলৈ দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে (Case registered against Web Series producer in Guwahati)। সাংবাদিক শ্বাহ আলম আলীয়ে বুধবাৰে এজাহাৰ দাখিল কৰিছে । অসমৰ সভ্যতা সংস্কৃতি ৰক্ষাৰ শ্ল'গান দি শাসনলৈ অহা চৰকাৰ খনে আইনী ব্যৱস্থা লব নে নলয় সেয়া হ'ব লক্ষণীয় ।  

লগতে পঢ়ক:National Yogasana Sports Championship: ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপত তিনিটাকৈ পদক আজুৰিলে যুক্তা বৰাই

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.