বিৰোধী ক’ত আছে ? সিংহলৰ প্ৰশ্নৰ উত্তৰ দিলে ভূপেন বৰাই

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 10:59 PM IST

thumbnail

ডিব্ৰুগড়, 30 নৱেম্বৰ: ৰাজ্যত বিজেপিৰ বিৰুদ্ধে গঠন হোৱা বিৰোধী ঐক্যক শাসক দলৰ মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰী-বিধায়কলৈকে সকলোৱে তীব্ৰ সমালোচনা কৰি আহিছে । সমাগত লোকসভা নিবাৰ্চনত বিজেপিৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ পোষকতা কৰিছে বিৰোধী ঐক্য মঞ্চই । ইয়াৰ পাছতেই যেন বিজেপিৰ বাবে চিন্তাৰ কাৰণ হৈ উঠিছে বিৰোধী ঐক্য মঞ্চ । বৃহস্পতিবাৰে ডিব্ৰুগড়ত বিৰোধী ঐক্য মঞ্চৰ ১৫ টা ৰাজনৈতিক দলৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ মন্ত্ৰী অশোক সিংহলে বিৰোধী ক’ত আছে বুলি কৰা সমালোচনাৰ উত্তৰ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

তেওঁ কয়, ‘‘প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত ঐক্য আছে নে নাই বিজেপিয়ে সেই কথা স্পষ্ট কৰক । ৰাজেন গোঁহাইক বিজেপিৰ অফিচৰ পৰা গতিয়াই উলিয়াই দিব লাগে বুলি কোৱা কথাৰ মোকাবিলা হ'ল নে সেই কথা বিজেপিয়ে ৰাজহুৱা কৰিব লাগে ৷’’ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে লগতে কয়, ‘‘আজিৰ দিনটো এটা ঐতিহাসিক দিন ৷ কিয়নো আজিৰ দিনটোতে ৰাজ্যৰ ১৫ টা ৰাজনৈতিক দলৰ সৈতে বহুখিনি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হৈছে । কোনবোৰ বিষয় লৈ আমি ৰাইজৰ মাজলৈ যাম, বিজেপিৰ বিৰুদ্ধে আমাৰ অভিযোগ কি এই সকলোবোৰ বিষয় পুংখানুপুংখভাৱে আলোচনা কৰা হয় ।’’ 

লগতে পঢ়ক: প্ৰথমে নিজৰ মাজত একতা স্থাপন কৰক কংগ্ৰেছে: সিংহলৰ পৰামৰ্শ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.