Beef rescued : হিন্দু লোকৰ বাসগৃহৰ চৌহদত বিশেষ মাংস পেলোৱাক লৈ উত্তপ্ত পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 4:18 PM IST

thumbnail

মৰাণ, 24 ছেপ্টেম্বৰ : গৰু বেচা কিনাৰ লগতে গৰু সৰবৰাহ বন্ধৰ ক্ষেত্ৰত প্ৰশাসনে বিশেষ তৎপৰতা গ্ৰহণ কৰি অহাৰ সময়তে ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানত পুনৰ চোৰাংভাৱে চলি আহিছে গো-হত্যা আৰু বিশেষ মাংসৰ ৰমৰমীয়া ব্যৱসায়। শনিবাৰে নিশা লাহোৱালৰ ঘৰবন্দী চুকত এঘৰ হিন্দু লোকৰ বাসগৃহৰ চৌহদত বিশেষ মাংস পেলোৱাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । 

যুতিকা বড়ো নামৰ মহিলাগৰাকীৰ বাসগৃহৰ চৌহদত কোনো দুৰ্বৃত্তই বিশেষ মাংস পেলাই থৈ যায় ৷ ইফালে ৰাইজৰ অভিযোগ অনুসৰি পূৰ্বতেও এই অঞ্চলৰ নামঘৰৰ কাষত এনে কাণ্ড সংঘটিত কৰিছিল কোনো অচিনাক্ত লোকে। 

বিভিন্ন জাতি-জনগোষ্ঠী, সম্প্ৰদায়ৰ সম্প্ৰীতিৰ স্থল লাহোৱালৰ ঘৰবন্দী চুকৰ অঞ্চলটোত কোনো দুৰ্বৃত্তই এনে কাণ্ড সংঘটিত কৰাই হিন্দু মুছলিমৰ মাজৰ ভাতৃত্ববোধ কলুষিত কৰাৰ বাবে এই কাৰ্য সংঘটিত কৰা বুলি অনুমান কৰিছে ৷  ইয়াৰ পিচতে গৃহস্থই আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বিশেষ মাংস উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Elephant calf rescued : ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাত বনৰীয়া হাতীৰ পোৱালি উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.