Basistha Press Club: বশিষ্ঠ প্ৰেছ ক্লাৱৰ নৱম বৰ্ষপূৰ্তি তথা সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

By

Published : Aug 20, 2023, 10:46 PM IST

thumbnail

গুৱাহাটী, 20 আগষ্ট: দেওবাৰে গুৱাহাটী মহানগৰীৰ বশিষ্ঠ প্ৰেছ ক্লাৱৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এক সম্বৰ্ধনা অনুষ্ঠানো ৷ বেলতলাৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ৰ চৰকাৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই অনুষ্ঠান ৷

অনুষ্ঠানত উপস্থিত থাকে কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ জেষ্ঠ সাংবাদিক, সংবাদকৰ্মীসকল ৷ 2014 চনত জন্ম গ্ৰহণ কৰা বশিষ্ঠ প্ৰেছ ক্লাৱৰ এই বৰ্ষপূৰ্তি অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত প্ৰায় 50 ৰো অধিক লোকক সম্বৰ্ধনা জনায় ৷ অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসক স্মৰণ কৰি ফটোত মাল্যাৰ্পণৰ লগতে বন্তি প্ৰজ্বলন কৰা হয় ৷

এই অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে বশিষ্ঠ প্ৰেছ ক্লাৱৰ সভাপতি পংকজ ডেকাই ৷ সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক তথা প্ৰৱন্ধকাৰ ময়ুৰ বৰা ৷ লগতেই এই অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি সুস্মিতা গোস্বামী, বিশিষ্ট উদ্যোগপতি ড৹ প্ৰশান্ত বুঢ়াগোহাঁইকে ধৰি বহু বিশিষ্ট ব্যক্তি ৷ সভাত ক্লাৱৰ সদস্যসকলৰ উপস্থিতিত 'বশিষ্ঠ প্ৰেছ ক্লাৱৰ ইতিবৃত্ত আৰু আগন্তুক দিনত বৃহত্তৰ অঞ্চলটোৰ হৈ কৰণীয়' শীৰ্ষক বিষয়ক লৈ পৰ্যালোচনা কৰা হয় ৷

লগতে পঢ়ক : Assam BJP internal clash: ন-পুৰণিৰ সংঘাত; সভাপতিক সাক্ষাৎ কৰি স্মাৰক পত্ৰ দিলে বিজেপিৰ একাংশ জ্যেষ্ঠ কাৰ্যকৰ্তাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.