Badaruddin Ajmal Challenges Congress: ধুবুৰী লোকসভা সমষ্টিত অপ্ৰতিদ্বন্দ্বী মই, কংগ্ৰেছক আজমলৰ প্ৰত্যাহ্বান

By

Published : Jan 17, 2023, 6:17 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

২০২৪-ৰ লোকসভা নিৰ্বাচনক লৈ সম্পূৰ্ণ আত্মবিশ্বাসী মৌলানা বদৰুদ্দিন আজমল (Badaruddin Ajmal reaction on 2024 general election) । ধুবুৰী লোকসভাত আজমলৰ লগত নিৰ্বাচন খেলিবলৈ কংগ্ৰেছৰ চাৰিগৰাকী প্ৰাৰ্থীক প্ৰত্যাহ্বান (Badaruddin Ajmal challenged congress) । তেওঁৰ প্ৰত্যাহান, কংগ্ৰেছৰ চাৰিগৰাকী প্ৰাৰ্থীয়ে একেলগে নিৰ্বাচন খেলিলেও পাত্তা নাপায় আজমলৰ লগত । পুনৰ সাংসদ নিৰ্বাচিত হ'বই আজমল । বিলাসীপাৰাৰ শগুনমাৰীৰ উচ্ছেদিত পৰিয়ালৰ খবৰ লৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য আজমলৰ (Ajmal criticized govt on eviction) । আনহাতে, উচ্ছেদ সন্দৰ্ভত চৰকাৰক সমালোচনা কৰি কয়, চৰকাৰে চৰম অন্যায় কৰিছে । প্ৰচণ্ড শীতৰ মাজত চৰকাৰৰ অমানৱীয় উচ্ছেদ বন্ধ ৰাখিবৰ বাবে আজিয়েই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ আজমলে পত্ৰ লিখিব বুলিও কয় । কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত আজমলৰ মন্তব্য, মিত্ৰতাৰ বাবে অসমৰ কংগ্ৰেছৰ লগত কোনো কথা নাপাতে আজমলে । AIUDF-ৰ মিত্ৰতা খোদ দিল্লীৰ লগত আছে বুলিও তেওঁ মন্তব্য কৰে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.