Palm oil plantation: অসমৰ ৭ খন জিলাৰ ১ লাখ একৰ ভূমিত কৰা হ'ব তৈল খেজুৰৰ খেতি: বাবা ৰামদেৱ

By

Published : Aug 8, 2023, 6:20 PM IST

thumbnail

তিনিচুকীয়া, 8 আগষ্ট : অসমত তৈল খেজুৰ খেতি কৰা বাবে অধিক তৎপৰ হৈছে ৰাজ্য চৰকাৰ। মঙলবাৰে তিনিচুকীয়াৰ ছৈখোৱাঘাটত তৈল খেজুৰ ৰোপণৰ কাৰ্যসূচী শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। এই কাৰ্যসূচীত উপস্থিত থাকে বাবা ৰামদেৱ। 

এই অনুষ্ঠানৰ পৰা পোনে পোনে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হয় বাবা ৰামদেৱ। ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত তৈল খেজুৰ প্লাণ্টৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে বাবা ৰামদেৱে। 

ৰামদেৱে উল্লেখ কৰে যে,  অসমত তৈল খেজুৰ উৎপাদনৰ জড়িয়তে ভাৰতে বিদেশী ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহ'ব। অসমৰ ৭ জিলাত ১ লাখ একৰ ভূমিত ৯ খন নাৰ্ছাৰীত উৎপাদিত হ'ব তৈল খেজুৰ। অহা ৪-৫ বছৰৰ ভিতৰত এই খেতিৰ দ্বাৰা ১ হাজাৰ কোটি টকা লাভান্বিত হ'ব ৷ অসমত পতঞ্জলিয়ে তৈল খেজুৰ খেতি কৰাৰ লগতে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত অধিক কাম কৰিব ৷ 

উল্লেখ্য যে, তৈল খেজুৰ খেতি অসমত কৰাক লৈ একাংশই বিৰোধিতা কৰিছে । কিন্তু এই বিৰোধিতাক লৈ অলপো গুৰুত্ব প্ৰদান কৰা নাই ৰাজ্য চৰকাৰে । জানিব পৰা অনুসৰি তৈল খেজুৰ গছৰ খেতিয়ে মাটিৰ উৰ্বৰতা আৰু মাটিত থকা পানীৰ পৰিমাণ শেষ কৰি দিয়ে। 

এজোপা পাম গছে প্ৰতিদিনে প্ৰায় ৩০০ লিটাৰ পানী শুহি লয়। গতিকে যি ঠাইত পাম গছৰ খেতি কৰা হয়, সেই ঠাইত আন কোনো ধৰণৰ খেতি হ’ব নোৱাৰে। সেয়ে বিভিন্ন ৰাজ্যত এই খেতি ইতিমধ্য নিষিদ্ধ ঘোষণা কৰা হৈছে ।

লগতে পঢ়ক: Assam Nagaland border clash: নাগালেণ্ডত অসমৰ গাড়ীচালকক প্ৰাণে মৰাৰ ভাবুকি নগা লোকৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.