project deepak of indian army : প্ৰকল্প দীপকৰ উদ্যোগত দৰিদ্ৰ শিক্ষাৰ্থীলৈ সুবিধা প্ৰদান

By

Published : May 5, 2023, 5:26 PM IST

thumbnail

ডিব্ৰুগড়, 5 মে’ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এক্সিছ বেংক আৰু ভাৰতীয় সেনাৰ মাজত শুকুৰবাৰে এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয় । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে ভাৰতীয় সেনা তথা এক্সিছ বেংকৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত এই চুক্তি সম্পাদন কৰা হয় । চুক্তি অনুসৰি ভাৰতীয় সেনাৰ অভিলাষী প্ৰকল্প দীপকৰ উদ্যোগত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ শিক্ষা প্ৰদান কৰা হ'ব দৰিদ্ৰ শিক্ষাৰ্থীক (Mou between axis bank and indian army) । 

ভাৰতীয় সেনাৰ চি এছ আৰ অনুদানেৰে ডিব্ৰুগড়ত নিৰ্মাণ কৰা হ'ব ক'চিং চেন্টাৰৰ আৱাসিক কেন্দ্ৰ । অন্যহাতে এই প্ৰশিক্ষণ প্ৰদান কৰিব National Intigrity & Educational Development Organization নামৰ প্ৰতিষ্ঠানটোৱে । দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীসকলক ভাৰতীয় সেনাই প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে (Dibrugarh university auditorium)। 

অনুষ্ঠানটোত ভাৰতীয় সেনাৰ মেজৰ জেনেৰেল এম এছ বেইনছ, ব্ৰিগেডিয়াৰ অনুৰাগ সিং ৰাৱট, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাকে ধৰি ভালেকেইগৰাকী সেনাৰ শীৰ্ষ বিষয়া উপস্থিত থকাৰ লগতে শিক্ষাৰ্থীও উপস্থিত থাকে (Minister Sanjay kishan at Dibrugarh university)।

লগতে পঢ়ক : Manipur Violence update : মণিপুৰৰ হিংসাত আহত বিজেপিৰ বিধায়ক; অনুচ্ছেদ 355 জাৰি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.