ETV Bharat / bharat

Manipur Violence update : মণিপুৰৰ হিংসাত আহত বিজেপিৰ বিধায়ক; অনুচ্ছেদ 355 জাৰি

author img

By

Published : May 5, 2023, 2:21 PM IST

ক্ৰমাৎ মণিপুৰৰ সাম্প্ৰদায়িক সংঘৰ্ষই লৈছে অতি ভয়াৱহ ৰূপ (Manipur Violence update ) ৷ নিৰাপত্তাৰ খাতিৰত ৰাজ্যখনত বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰে 355 নং অনুচ্ছেদ (Centre takes over security with Article 355)৷ আনহাতে, সেই দিনাই ৰাজ্য সচিবালয়ৰ পৰা ইম্ফলস্থিত চৰকাৰী বাসগৃহলৈ উভতি অহাৰ সময়তে বিজেপিৰ বিধায়ক ৱুংজাগিন ভাল্টেক একাংশই আক্ৰমণ কৰে (BJP MLA attacked by mob in Impha) ৷ ফলত গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে বিজেপিৰ বিধায়কগৰাকী ৷

Manipur Violence update
মণিপুৰত জাৰি অনুচ্ছেদ 355

তেজপুৰ, 5 মে’ : অগ্নিগৰ্ভা মণিপুৰ (Manipur Violence) ৷ মণিপুৰৰ আইন শৃংখলা বজাই ৰখাৰ বাবে সস্তম হৈ আছে মণিপুৰ প্ৰশাসন কিম্বা সেনা বাহিনী ৷ আনকি ৰাজ্যখনৰ পূৰ্বৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সভাপতিত্বত অনুষ্ঠিত হৈ আছে ইখনৰ পাচত সিখনকৈ পৰ্যালোচনা বৈঠক ৷ সেই অনুসৰিয়েই নিৰাপত্তাৰ খাতিৰত ৰাজ্যখনত বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰে 355 নং অনুচ্ছেদ (Centre takes over security with Article 355)৷

ইফালে, এক উচ্চস্তৰীয় সূত্ৰই জনোৱা মতে, মণিপুৰৰ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ পৰিপ্ৰেক্ষিতত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কুলদীপ সিঙক মুখ্যমন্ত্ৰীৰ উপদেষ্টা হিচাপে নিযুক্তি দিছে । সিং হৈছে ৰাষ্ট্ৰীয় তদন্ত সংস্থা আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ প্ৰাক্তন ডি আই জি । সংবিধানৰ 355 নং অনুচ্ছেদৰ অধীনতে এতিয়াৰে পৰা মণিপুৰৰ সকলো কাম-কাজ কৰা হ’ব বুলি জানিবলৈ পোৱা গৈছে ।

Manipur Violence update
অগ্নিগৰ্ভা মণিপুৰ

355 নং অনুচ্ছেদ ভাৰতৰ সংবিধানৰ ষোড়শ খণ্ডত সন্নিবিষ্ট জৰুৰীকালীন বিধানসমূহৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰক আভ্যন্তৰীণ অশান্তি আৰু বহিঃ আগ্ৰাসনৰ পৰা ৰাজ্য এখনক সুৰক্ষা প্ৰদানৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ ক্ষমতা প্ৰদান কৰা হৈছে । এই ব্যৱস্থাৰ অংশ হিচাপে ইম্ফল-চুৰাচান্দপুৰ পথটো আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে সুৰক্ষিত কৰি ৰাখিছে ।

বৃহস্পতিবাৰে এখন আইন-শৃংখলাৰ বৈঠকৰ অন্তত মণিপুৰ চৰকাৰে ৰাইজক শীঘ্ৰে হিংসা বন্ধ কৰি শান্তি-সম্প্ৰীতি বজাই ৰখাত সহায় কৰিবলৈ আহ্বান জনায় । ৰাজ্যত নিয়োজিত ভাৰতীয় সেনা, আছাম ৰাইফলছ, চি আৰ পি এফ আৰু বি এছ এফৰ সমন্বয়ত ৰাজ্য চৰকাৰে কালিৰে পৰা সকলো ক্ষেত্ৰতে তীক্ষ্ণ দৃষ্টি ৰাখিছে ৷

লগতে পঢ়ক : Manipur Violence: অশান্ত মণিপুৰত দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ ৰাজ্যপালৰ

আনহাতে, বৃহস্পতিবাৰে ইম্ফলত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্য সচিবালয়ৰ পৰা ইম্ফলস্থিত চৰকাৰী বাসগৃহলৈ উভতি অহাৰ সময়তে বিজেপিৰ বিধায়ক ৱুংজাগিন ভাল্টেক একাংশই আক্ৰমণ কৰে (BJP MLA attacked by mob in Imphal)। ভাল্টে হৈছে ফেৰজাউল জিলাৰ থানলনৰ তিনিবাৰৰ বিধায়ক ৷ এই ঘটনাক কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ তৰফৰ পৰা উদ্দেগ প্ৰকাশ কৰিছে । জানিব পৰা মতে, বৰ্তমান ভল্টেৰ অৱস্থা সংকটজনক ৷ তেওঁ ইম্ফলৰ ৰিজিঅ’নেল ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (RIMS)ত চিকিৎসাধীন হৈ আছে ।

Manipur Violence update
মণিপুৰত জাৰি অনুচ্ছেদ 355

বিধায়ক ভাল্টে হৈছে এগৰাকী কুকি সম্প্ৰদায়ৰ লোক । ইতিমধ্যে ম্যানমাৰৰ কুকি শৰণাৰ্থীৰ বহু লোকে মেটিয়ে জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰাৰ বাবে অন্য জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ সহযোগত মণিপুৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল । সেই পৰিণতিত বুধবাৰে নিশাৰে পৰা হিংসাৰ দাবানলে বহু হাজাৰ হাজাৰ মণিপুৰী লোকৰ ঘৰ খাণ্ডৱ দাহত পৰিণত হৈছিল ।

ইতিমধ্যে C17 Globemaster & AN 32 বিমান নিয়োগ কৰি অসমৰ দুটা বিমান বন্দৰৰ পৰা IAF এ ধাৰাবাহিকভাৱে যাত্ৰা আৰম্ভ কৰিছে । 4 মে’ৰ নিশাৰ পৰা চিচি’পুৰ আৰু অন্যান্য স্পৰ্শকাতৰ অঞ্চলত পদযাত্ৰা আৰু ফ্লেগ মাৰ্চ চলি আছে বুলি জানিব দিছে প্ৰতিৰক্ষা মুখপাত্ৰ লে. কৰ্ণেল মহিন্দ্ৰ ৰাৱাটে ।

লগতে পঢ়ক : NFR Cancels All Manipur Bound Trains : মণিপুৰলৈ যোৱা সকলো ৰে’লসেৱা বাতিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.