ETV Bharat / bharat

NFR Cancels All Manipur Bound Trains : মণিপুৰলৈ যোৱা সকলো ৰে’লসেৱা বাতিল

author img

By

Published : May 5, 2023, 12:08 PM IST

NFR Cancels All Manipur Bound Trains
হিংসাৰ দাবানলে দহিছে মণিপুৰক

শান্ত হোৱা নাই মণিপুৰৰ সামগ্ৰিক পৰিস্থিতি ৷ যাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱে বাতিল কৰিছে মণিপুৰ অভিমুখী ৰে’লসেৱা (NFR Cancels All Manipur Bound Trains)৷ মণিপুৰৰ পৰিস্থিতি শান্ত নোহোৱালৈকে মণিপুৰত কোনো ৰে’ল প্ৰৱেশ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰে’লৱে কৰ্তৃপক্ষই ৷

তেজপুৰ, 5 মে’ : অশান্তজৰ্জৰ মণিপুৰ ৷ হিংসাৰ দাবানলে দহিছে মণিপুৰক ৷ এই হিংসাত্মক পৰিস্থিতিৰ পিচত উত্তৰ-পূব সীমান্ত ৰে’লৱেয়ে বাতিল কৰিছে মণিপুৰ অভিমুখী ৪ খন ৰে’ল (Northeast Frontier Railway cancels all Manipur bound trains) ৷ এই কথা সদৰী কৰিছে উত্তৰ পূৱ ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে ৷

জানিব পৰা মতে, মণিপুৰৰ বিভিন্ন ৰে’ল ষ্টেচন লৈ যোৱা এই ৰে’লসমূহ হৈছে 12097 AGTL-KGBP জনশতাব্দী ৰে’ল, 12098 ARCL-KGBP, 05659 SCL যাত্ৰীবাহী ৰে’ল আৰু 05660 VNGP-SCL যাত্ৰীবাহী ৰে’ল ৷ আনহাতে এই ৰে’লসেৱাসমূহ শ্ৰীৰামপুৰ, জালপাইগুৰিৰ পৰা অসম হৈ মণিপুৰলৈ দৈনিক চলাচল কৰে ৷ বৰ্তমান এই ৰে’লসমূহ অসমতে ৰখোৱাৰ বাবে নিৰ্দেশ জাৰি কৰিছে উত্তৰ পূৱ ৰে’ল কৰ্তৃপক্ষই ।

NFR Cancels All Manipur Bound Trains
অশান্তজৰ্জৰ মণিপুৰ

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া (চিপিআৰঅ’) সব্যসাচী দে’ এ জনোৱা মতে, পৰিস্থিতি উন্নত নোহোৱালৈকে মণিপুৰত কোনো ৰে’ল প্ৰৱেশ নকৰে ৷ প্ৰথমে মণিপুৰ চৰকাৰে এই ৰে’লৰ চলাচল বন্ধ কৰাৰ পৰামৰ্শ দিছে ৷ তাৰ পিচতে ৰে’লসেৱা চলাচল বন্ধ কৰাৰ এই সিদ্ধান্ত লৈছে উত্তৰ-পূব সীমান্ত ৰে’লৱেয়ে (NFR Cancels All Manipur Bound Trains)।

লগতে পঢ়ক : Manipur Violence: অশান্ত মণিপুৰত দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ ৰাজ্যপালৰ

তথ্য অনুসৰি, ইফালে ভাৰতীয় ৰে’লৱে ৰাজ্যখনত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাচতে প্ৰথম অৱস্থাত 5 মে’ আৰু 6 মে’ৰ বাবে চাৰিখন ৰে’লৰ চলাচল বাতিল কৰা হৈছে ৷ তদুপৰি মণিপুৰৰ পৰিস্থিতি উন্নত কৰাৰ হেতুকে সেনা আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে ৷ আনকি ফ্লেগ মাৰ্চো কৰা হয় ৰাজ্যখনত ৷

NFR Cancels All Manipur Bound Trains
হিংসাৰ দাবানলে দহিছে মণিপুৰক

অৱশ্যে ৰাজ্যখনত বৰ্তমানো জাৰি কৰা হৈ আছে সান্ধ্য আইন । বিনা কাৰণত কোনো লোকক ঘৰৰ পৰা ওলাই অহাত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে ৷ আনকি পশ্চিম মণিপুৰৰ বিভিন্ন স্থানত কেথলিক গীৰ্জাসমূহ জ্বলাই দিয়া হৈছে বুলি বিভিন্ন সামাজিক মাধ্যমত প্ৰকাশ পাইছে ।

লগতে পঢ়ক : Manipur Violence update : মণিপুৰৰ হিংসাত্মক পৰিস্থিতি শান্ত কৰাত সহায় কৰিব ভাৰতীয় বায়ুসেনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.