ETV Bharat / state

Manipur Violence: অশান্ত মণিপুৰত দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ ৰাজ্যপালৰ

author img

By

Published : May 4, 2023, 6:25 PM IST

Etv Bharat
Etv Bharat

মণিপুৰৰ সাম্প্ৰদায়িক সংঘৰ্ষই লৈছে অতি ভয়ংকৰ ৰূপ ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যপালে ৷ বিগত 24 ঘণ্টাত মণিপুৰত গৃহহাৰা হৈছে 10 সহস্ৰাধিক লোক (Shoot at sight order in Manipur) ৷

অশান্ত মণিপুৰত দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ ৰাজ্যপালৰ

তেজপুৰ, ৪ মে’: চুবুৰীয়া ৰাজ্য মণিপুৰত সৃষ্টি হৈছে অতি ভয়ংকৰ পৰিস্থিতি ৷ অগ্নিগৰ্ভা হৈ পৰিছে সমগ্ৰ মণিপুৰ ৷ মণিপুৰত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যপাল অনুসূয়া উইকে ৷ হিংসাত্মক ঘটনা সংঘটিত হোৱা স্থানত Shoot at sight ৰ নিৰ্দেশ দিছে ৰাজ্যপালগৰাকীয়ে ৷ অৰ্থাৎ হিংসাত্মক কাৰ্যত লিপ্ত হোৱা লোক দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ জাৰি কৰিছে ৰাজ্যপাল অনুসূয়া উইকে (Manipur governor issued Shoot at Sight order) ৷

Manipur Violence
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যপালৰ নিৰ্দেশনা

বৃহস্পতিবাৰে বিয়লি এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যপালগৰাকীয়ে ৷ ৰাজ্যপালৰ নিৰ্দেশ মৰ্মে মণিপুৰৰ গৃহ সচিব টি ৰঞ্জিত সিঙে ৰাজ্যখনৰ সকলো জিলালৈ প্ৰেৰণ কৰিছে পত্ৰ ৷ উল্লেখ্য যে, অশান্ত জৰ্জৰিত মণিপুৰত যোৱা ২৪ ঘণ্টাত ১০ হাজাৰৰো অধিক লোক গৃহহীন হৈছে বুলি জানিব পৰা হৈছে ৷ এই তথ্য সদৰী কৰিছে ভাৰতীয় সেনাই (Extreme condition in Manipur) ৷ আনহাতে গৃহহীন হোৱা লোকসকলক নিৰাপদ স্থানত ৰাখিছে সেনাবাহিনীয়ে (Manipur valence news update) ৷

ইয়াৰ পিচতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যখনৰ জনসাধাৰণক উদ্দেশ্যি এক বক্তব্য সামাজিক মাধ্যম যোগে প্ৰচাৰ কৰিছে ৷ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত বাৰ্তালাপ কৰাৰ পিচতে প্ৰকাশ কৰিছে এই ভিডিঅ’ বাৰ্তা (Manipur CM on valence) ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ,‘‘বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ আৰু ৰাজ্যত শান্তি অনাৰ বাবে চৰকাৰী পদক্ষেপত সহযোগিতা আগবঢ়াবলৈ ৰাজ্যবাসীক আহ্বান জনাইছো ৷ যোৱা ২৪ ঘণ্টাৰ পৰা কিছুমান ঠাইত সংঘৰ্ষ আৰু বহুতো ঘৰ দুৱাৰ ভাঙি-ছিঙি যোৱাৰ কিছু ঘটনা সংঘটিত হৈছে ৷ আমাৰ সমাজৰ দুটা শ্ৰেণীৰ মাজত প্ৰচলিত ভুল বুজাবুজিৰ ফল এইবোৰ ঘটনা সংঘটিত হৈছে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে সকলো পদক্ষেপ গ্ৰহণ কৰিছে (Community clash in Manipur) ৷’’ আনহাতে ৰাজ্যখনৰ আন আন জিলাত বৃস্পতিবাৰেও হিংসাত্মক ঘটনাৰ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে (Manipur on fire) ৷

লগতে পঢ়ক: Manipur Violence: মণিপুৰ জ্বলি আছে ! আৱেগিকভাৱে কেন্দ্ৰলৈ সহায়ৰ আবেদন মেৰীকমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.