ETV Bharat / bharat

Manipur Violence: মণিপুৰ জ্বলি আছে ! আৱেগিকভাৱে কেন্দ্ৰলৈ সহায়ৰ আবেদন মেৰীকমৰ

author img

By

Published : May 4, 2023, 5:27 PM IST

জনজাতিৰ মাজত আভ্যন্তৰীণ ক্লেশ আৰু চৰকাৰৰ ভূমিকাৰ বাবে জ্বলিছে মণিপুৰ । এই ঘটনাত গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সৈতে কথা পাতি ৰাজ্যখনৰ কেন্দ্ৰৰ নিৰীক্ষণ পৰিস্থিতিৰ বিষয়ে উমান লয় । এইবাৰ বিশ্বজয়ী বক্সাৰ মেৰীকমৰ কাতৰ আবেদন (Mary Kom emotional appeal to Centre) ।

Mary Kom on Manipur Violence
Mary Kom on Manipur Violence

নিউজ ডেস্ক, ৪ মে' : মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বিগ্ন মেৰীকম (Manipur violence) । ৰাজ্যখনৰ অগ্নিগৰ্ভা পৰিস্থিতিত উদ্বিগ্নতা প্ৰকাশ কৰি বৃহস্পতিবাৰে টুইটাৰযোগে কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰক মণিপুৰত স্বাভাৱিক অৱস্থা নিশ্চিত কৰিবলৈ এক আৱেগিক আবেদন জনাইছে (Mary Kom emotional appeal to Centre) । টুইটত তেওঁ 'মণিপুৰ জ্বলি আছে' বুলি উল্লেখ কৰে (Mary Kom twit over Manipur situation) । মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিত ইতিমধ্যে সেনা আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে ।

উল্লেখ্য, বুধবাৰে চুৰাচান্দপুৰ জিলাৰ টৰবুঙত মণিপুৰৰ অল ট্ৰাইবেলছ ষ্টুডেণ্টছ ইউনিয়নৰ (All Tribels Students Union Manipur) দ্বাৰা অনুসূচিত জনজাতি শ্ৰেণীত মেইটেই সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ দাবীৰ প্ৰতিবাদত এক প্ৰতিবাদী সমদল উলিয়ায় । এই প্ৰতিবাদী সমদলৰ সময়তে হিংসাত্মক ঘটনা সংঘটিত হয় । তাৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা আৰু অৰ্ধসামৰিক বাহিনীয়ে ফ্লেগ মাৰ্চ কৰে । ইতিমধ্যে সামাজিক মাধ্যমত ৰাজ্যখনত সংঘটিত অগ্নিসংযোগ আৰু হিংসাত্মক ঘটনাৰ ভিডিঅ' বিয়পি পৰিছে । ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মেৰীকমে এটা টুইটাৰ ভিডিঅ'ত কয়, "মোৰ ৰাজ্য মণিপুৰ জ্বলি আছে, অনুগ্ৰহ কৰি সহায় কৰক (Mary Kom says Manipur is burning) ।"

আনহাতে, অলিম্পিয়ানগৰাকীয়ে দিনটোৰ আৰম্ভণিতে এটা টুইটাৰ বাৰ্তাত হিংসাৰ ফটো শ্বেয়াৰ কৰি তেওঁৰ শোক প্ৰকাশ কৰে । তেওঁ টুইটটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ আৰু ৰাজনাথ সিঙক টেগ কৰে । "মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে মই ভাল অনুভৱ কৰা নাই । যোৱানিশাৰ পৰা পৰিস্থিতিৰ অৱনতি ঘটিছে । মই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক পৰিস্থিতি সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰু ৰাজ্যখনত শান্তি আৰু নিৰাপত্তা বজাই ৰাখিবলৈ আহ্বান জনাইছোঁ । এইটো দুৰ্ভাগ্যজনক যে কিছুমান লোকে এই হিংসাত তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক হেৰুৱাইছে । এই পৰিস্থিতি অতি সোনকালে স্বাভাৱিক হ'ব লাগিব ।" তেওঁ কয় ।

উল্লেখ্য যে ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ প্ৰায় 40 শতাংশ হাজাৰ হাজাৰ জনজাতীয় লোকে সমদলটোত যোগদান কৰিছিল । তেওঁলোকে হাতে হাতে প্লে'কাৰ্ড লৈ মেইটেইৰ বাবে এছ টি ব্যৱস্থাৰ বিৰোধিতা কৰি শ্লোগান দিছিল । ইফালে গৃহ মন্ত্ৰী অমিত শ্বাহে এই সন্দৰ্ভত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সৈতে কথা পাতি কেন্দ্ৰৰ নিৰীক্ষণৰ বিষয়ে সোধা-পোছা কৰে । আনহাতে, মুখ্যমন্ত্ৰী বীৰেণ সিঙে বুধবাৰে নিশা চুৰাচান্দপুৰ জিলাৰ টৰবুং অঞ্চলত জনজাতীয় আন্দোলনৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ বাতৰিৰ মাজতে জনসাধাৰণক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায় ।

জানিব পৰা মতে, এতিয়ালৈকে ৭,৫০০ লোকক হিংসাপীড়িত অঞ্চলসমূহৰ পৰা সেনাবাহিনীয়ে উদ্ধাৰ কৰি আশ্ৰয় প্ৰদান কৰা বুলিও তেওঁ প্ৰকাশ কৰে । তেওঁ লগতে কয় যে, অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে । উল্লেখ্য যে বুধবাৰৰ নিশাৰে পৰা সেনা আৰু অসম ৰাইফলছে হিংসাজৰ্জৰ অঞ্চলত টহল দিয়াৰ লগতে ৰাজ্যিক আৰক্ষীৰ সৈতে পুৱাৰভাগলৈকে হিংসাত্মক ঘটনা নিয়ন্ত্ৰণলৈ অনাৰো দাবী কৰা হৈছে ।

লগতে পঢ়ক : Kharge over Manipur violence : বিজেপিৰ ঘৃণা আৰু বিভাজনৰ ৰাজনীতি দায়ী; মণিপুৰৰ হিংসা সন্দৰ্ভত খাৰ্গে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.