শিৱসাগৰৰ ঐতিহাসিক সমল বেদখলমুক্ত কৰাৰ দাবীত সৰৱ আটাছু

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 10:46 PM IST

thumbnail

শিৱসাগৰ,১২ ডিচেম্বৰ: শিৱসাগৰৰ ঐতিহাসিক বৰপুখুৰী,যমুনা আৰু তলাতল বেদখলমুক্ত কৰাৰ দাবীত ৪৮ ঘন্টীয়া শিৱসাগৰ জিলা বন্ধৰ ঘোষণা আটাছু শিৱসাগৰ জিলা সমিতিৰ । শিৱসাগৰত আটাছুৰ জিলা সমিতি আৰু মহকুমা সমিতি সংবাদমেলত এই কথা ঘোষণা আটাছুৰ ।  

শিৱসাগৰ প্ৰেছ ক্লাৱত এই সংবাদমেল সম্বোধন কৰি ৬০০ বছৰীয়া আহোম ৰাজত্বৰ ঐতিহ্য বহন কৰা শিৱসাগৰ ঐতিহাসিক যমুনা আৰু তলাতল ঘৰ বেদখলৰ ওপৰত বক্তব্য কৰে আটাছু নেতৃত্বই । টাই আহোম ছাত্র সন্থাৰ স্পষ্ট মত যে, শিৱসাগৰৰ ঐতিহাসিক সমল সমূহ সংৰক্ষণ হ'ব লাগিব । ঐতিহাসিক শিৱসাগৰ শিৱদৌল আৰু শিৱসাগৰ বৰপুখুৰীৰ লগত যমুনাৰ এক নিবিড় সম্পৰ্ক আছে । যমুনাৰ বেদখলে ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ।  

লগতে তেওঁলোকে কয় যে ঐতিহাসিক তলাতল ঘৰৰ চৌহদত বেদখল হোৱাৰ লগতে গোলাঘৰৰ সন্মুখত বেদখল হৈছে । এই সমগ্ৰ বিষয়ৰ ওপৰত যোৱা ১ ডিচেম্বৰত শিৱসাগৰ জিলা আয়ুক্ত আৰু পুৰাতত্ত্ব বিভাগক স্মাৰক পত্ৰ দিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । যাৰ পৰিপ্ৰেক্ষিতত আটাছু শিৱসাগৰ জিলা সমিতিয়ে এলানি কাৰ্যসূচী ঘোষণা কৰে । প্ৰথম কাৰ্যসূচী অহা ১৮ ডিচেম্বৰত কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ কাৰ্যালয়ত তলাবন্ধ কাৰ্যসূচী, ২২ ডিচেম্বৰত জিলা আয়ুক্তৰ কাৰ্য়ালয় ঘেৰাও আৰু ২৯ ডিচেম্বৰত ৪৮ ঘন্টীয়া শিৱসাগৰ জিলা বন্ধ কাৰ্যসূচী ঘোষণা কৰে সংবাদমেলত ।

লগতে পঢ়ক: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি ৰাজ্যিক নিৰ্বাচনী আয়োগৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.