নাইজেৰিয়াত পণবন্দী মেঘজ্যোতিক গুৱাহাটীত দেখি উচুপি উঠিল পিতৃ-মাতৃ

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 7:42 PM IST

thumbnail

ওদালগুৰি, 6 ডিচেম্বৰ : বৰঝাৰ বিমান বন্দৰত এক আৱেগিক পৰিৱেশ ৷ হঠাৎ উচুপি উঠিল এগৰাকী মাতৃ ৷ পুত্ৰক কাষত পাই মাতৃয়ে ৰখাব নোৱাৰিলে চকুলো ৷ সুদূৰ নাইজেৰিয়াত পণবন্দী হৈ থকা টংলাৰ যুৱক মেঘজ্যোতি চহৰীয়া বুধবাৰে বৰঝাৰ বিমান বন্দৰৰ ভিতৰৰ পৰা ওলাই অহাৰ লগে লগে আৱেগিক হৈ পৰিল মেঘজ্যোতি পিতৃ-মাতৃ, আত্মীয় ৷

উল্লেখ্য যে, এটা কোম্পানীত অভিযন্তা হিচাপে কৰ্মৰত যুৱক মেঘজ্যোতিক অধিক ধন দিয়াৰ প্ৰলোভন দিছিল পশ্চিম বংগৰ সন্দীপ আগৰৱালা নামৰ এজন লোকে ৷ সেই মৰ্মে, নাইজেৰিয়াত 11 মাহৰ বাবে মাহে 50 হাজাৰ টকাকৈ দৰমহা দিয়াৰ চুক্তি কৰিছিল মেঘজ্যোতিৰ সৈতে ৷ সেয়ে, মেঘজ্যোতি নাইজেৰিয়ালৈ গেছিল ৷ কিন্তু কোম্পানীৰ বিপৰীতে ধানৰ মিলতহে কাম কৰিবলৈ দিয়া হৈছিল ৷ আনকি যুৱকজনক প্ৰাপ্য টকাও দিয়া নাছিল বুলি উল্লেখ কৰে ভুক্তভোগী যুৱকে । বুধবাৰে সুকলমে স্বগৃহত উপস্থিত হোৱাৰ পাচতে সকলো কথা বৰ্ণনা কৰিলে ভুক্তভোগী যুৱকজনে ৷

লগতে পঢ়ক : নাইজেৰিয়াত আৱদ্ধ টংলাৰ যুৱক মেঘজ্যোতি চহৰীয়াক উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.