Parimal Suklabaidya: চলিত বিত্তীয় বৰ্ষত পোন্ধৰশ কোটি টকাৰ কৰ সংগ্ৰহৰ লক্ষ্য ৰাজ্যিক পৰিবহন বিভাগৰ

By

Published : Apr 10, 2023, 8:43 AM IST

Updated : Apr 10, 2023, 8:52 AM IST

thumbnail

গুৱাহাটী, 10 এপ্ৰিল: চলিত বিত্তীয় বৰ্ষত 15 শ কোটি টকা কৰ সংগ্ৰহৰ লক্ষ্য লৈছে ৰাজ্যিক পৰিবহন বিভাগে ৷ বিগত বিত্তীয় বৰ্ষত বিভাগটোৱে 1,350 কোটি টকা কৰ সংগ্ৰহ কৰিছিল ৷ এই মন্তব্য পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ।  

দেওবাৰে মহানগৰীৰ ভি আই পি ৰোডৰ বৰবাৰীৰ বিমল কাৰ্ছৰ নতুন ডিলাৰশ্বিপ মুকলি কৰি এইদৰে সংবাদমাধ্যমৰ আগত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ টাটা মটৰ্ছৰ এছিয়ৰ্ড আৰু বৈদ্যুতিক বাহনৰ ডিলাৰশ্বিপ মুকলি কৰি তেওঁ কয় যে, ৰাজ্যত প্ৰদূষণৰ মাত্ৰা দিনে দিনে বৃদ্ধি পাইছে ৷ বৈদ্যুতিক বাহন প্ৰদূষণমুক্ত হয় ৷ ইলেক্ট্ৰিক বাহনে সমাজ, ৰাষ্ট্ৰক উপকৃত কৰিব ৷ পৰিনহন বিভাগটো লোকচানৰ সন্মুখীন হৈ আছে ৷ নতুনকৈ চি এন জি বাছ লোৱা হৈছে যদিও লাভান্বিত হ’ব পৰা নাই যদিও লোকচান কমাই আনিবলৈ চেষ্টা কৰা হৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে (Parimal Suklabaidya Transport Minister) ৷  

পৰৱৰ্তী সময়ত পৰিবহন বিভাগে বাহন ক্ৰয়ৰ ক্ষেত্ৰত ইলেক্ট্ৰিক বাহন ক্ৰয় কৰাৰ কথাও উল্লেখ কৰে তেওঁ ৷ 

Last Updated : Apr 10, 2023, 8:52 AM IST

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.